নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ যোগাযোগত ভালেই দেখা যায়৷ বিদ্যাত সাধাৰণ আহুকাল আহিব৷ ঘৰুৱা কথাত পূর্বৰ তুলনাত উন্নত ফল৷ বন্ধুৰ পৰা খুব উপকৃত নহ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
বৃষঃ বেপাৰ–বাণিজ্যত থকাসকলে কিছু সুযোগ পাব৷ প্রিয় সংগ, আর্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায়৷ মনত সমালোচনাৰ ভাবে দেখা দিব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷
মিথুনঃ কিবাকিবি সংযোগত মজলীয়া ফল৷ অৱশ্যে পূর্বৰ তুলনাত মানসিক দিশত উন্নত৷ কর্মস্থানত কিছু জটিলতা কমিব৷ বিদ্যার্থীয়ে যত্ন লোৱাটো ভাল হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
কর্কটঃ কার্যক্ষেত্রত আপোনাৰ প্রভাৱ থাকিব৷ ভবামতে দুই–এটা কামত আগুৱাব৷ বন্ধু–বান্ধৱৰ লগত সম্বন্ধ অটুট থাকিব৷ বিদ্যাত প্রায় অনুকূল৷ শুভ ৰং ৰঙা,শুভ সংখ্যা ৭৷
সিংহঃ আর্থিকত বিশেষ আহুকাল নাপাব৷ প্রাপ্য ধন পোৱাৰ সংকেত আছে৷ বিদ্যানুৰাগীৰ উন্নতি৷ পৰিৱর্তনশীল কর্মযোগ দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কন্যাঃ আজি সাধাৰণ পৰিৱর্তন৷ শৰীৰৰো কিছু উন্নতি৷ বিদ্যাত মজলীয়া ফল৷ কর্মস্থানত ভালেই দেখা যায়৷ আকস্মিক আমন্ত্রণ ৰক্ষাৰ দৰকাৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
তুলাঃ কর্মস্থানত শুভাশুভ প্রভাৱ দেখা যায়৷ নতুন কামত মন দিব পাৰিব৷ সামগ্রিক ক্ষেত্রত বুদ্ধিৰ প্রসাৰ লাভ৷ পূর্বতকৈ আজি সামান্য অনুকূল৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
বৃশ্চিকঃ শৰীৰ বৰ ভাল লাগি নাথাকিব৷ আর্থিকত কঠিনতাৰ মাজেৰে চলিব লাগিব৷ কর্মত বাধা দেখিব৷ প্রিয় লোকৰ সৈতে আলাপ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
ধনুঃ কর্মক্ষেত্রত বিশেষ কাৰণত কোনোৱে ব্যস্ততাত ভুগিব৷ আনহাতে, দিনটো পৰিষ্কাৰ থাকিব৷ শৰীৰ ভালেৰে যাব৷ বিদ্যাত বেয়া দেখা নাযায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
মকৰঃ মধ্যম দিন৷ হিচাপ নোহোৱা ব্যস্ততাৰে সময় ব্যয় হ’ব৷ কর্মত বাধা কম যদিও নিশ্চিন্ত নহয়৷ কর্তব্যত মনোযোগ ৰাখক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷
কুম্ভঃ আপুনি কিছু আশা দেখিব৷ শৰীৰেও আপোনাক কিছু সহায় কৰিব৷ ঘৰুৱাত মধ্যম প্রভাৱ৷ আর্থিকত বাধা দেখা নাযায়৷ শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া৷
মীনঃ প্রথমতে দিনটো খুব ভালেৰে যোৱা কঠিন হ’ব৷ এটা নহয় এটা আহুকাল থাকিব৷ অৱশ্যে গতানুগতিক কামত সিমান দুশ্চিন্তা নাথাকিব৷ ভ্রমণত মধ্যম ফল৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪৷

You might also like