নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ মার্চ, ফাগুন মাহৰ ২০ তাৰিখ

মেষঃ ঘৰলৈ সুখ–শান্তি আহিব৷ যান–বাহন চলোৱা লোকসকল সাৱধান হ’ব৷ কথা কওঁতে সংযম ৰাখি কথা ক’ব অন্যথা ক্ষতি হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
বৃষঃ চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ পৰা সহায় হ’ব পাৰে৷ ব্যৱসায়ত অর্থ হানি হোৱাৰ ভয়৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷
মিথুনঃ হাত ভৰিত আঘাত পাব পাৰে৷ পদোন্নতি হোৱাৰ সম্ভাৱনা৷ হাতলৈ টকা–পইচা আহিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
কর্কটঃ খং দমাই ৰাখিব৷ ব্যৱসায়ীয়ে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ আশংকা আছে৷ সন্তানৰ শুভ৷ শুভ ৰং গাঢ় ৰঙা৷ শুভ সংখ্যা ৭৷
সিংহঃ ঘৰৰ কোনো ব্যক্তিৰ দুখৰ খবৰ আহিব পাৰে৷ বিবাহৰ প্রস্তাৱ নাকচ হ’ব পাৰে৷ দূৰ ভ্রমণ নকৰাই ভাল৷ সন্তানৰ শুভ নহয়৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৮৷
কন্যাঃ হাতলৈ টকা–পইচা অহাত বাধা পাব৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব পাৰে৷ আজি কোনো যুটীয়া ব্যৱসায়ত হাত নিদিব৷ দুর্ঘটনাৰ যোগ দেখা যায়৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ১৷
তুলাঃ শত্রুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়৷ সন্তানৰ শুভ৷ কর্ম সংস্থাপন যোগ দেখা যায়৷ টকা–পইচাৰ অভাৱৰ বাবে জটিল সমস্যাত পৰিব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
বৃশ্চিকঃ পিচলি পৰি হাত–ভৰিত দুখ পাব পাৰে৷ আনক সহায় কৰি সন্মান পাব৷ সাংসাৰিক সমস্যা বাঢ়িব৷ চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
ধনুঃ অচিনাকি ব্যক্তিক প্রশ্রয় নিদিব ক্ষতি হ’ব পাৰে৷ চাকৰিয়ালসকলে টকা–পইচাৰ লেনদেনত সাৱধান হ’ব৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷
মকৰঃ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিয়ালৰ দায়িত্ব বাঢ়িব৷ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে৷ সন্তানৰ ভুলে সন্মান লাঘৱ কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভঃ ব্যৱসায়ত খেলিমেলি দেখা যায়৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ ৰুগীয়া মহিলাসকলে স্বাস্থ্যৰ প্রতি বিশেষ যত্ন ল’ব৷ চাকৰিৰ বাবে চেষ্টা কৰি চাব পাৰে৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
মীনঃ আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল আশা কৰিব পাৰে৷ আর্থিক দিশত খেলিমেলি দেখা যায়৷ সন্তানৰ শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷

You might also like