নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম–দ্বিতীয় পর্যায়ৰ ৮৬ সমষ্টিত প্রার্থিত্ব চূড়ান্ত

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ  আসন বুজাবুজিক কেন্দ্র কৰি অগপ–বিজেপিৰ মাজত কেইবাটাও সমষ্টিক লৈ সৃষ্টি হৈ থকা জটিলতা আঁতৰাই আজি বিজেপিৰ কেন্দ্রীয় নির্বাচনী কমিটীয়ে অসমৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে মুঠ ৮৬খন আসনৰ প্রার্থীৰ তালিকা চূড়ান্ত কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত নির্বাচনী কমিটীৰ বৈঠকত প্রথম পর্যায়ৰ ৪৭টা আৰু দ্বিতীয় পর্যায়ৰ ৩৯টা সমষ্টিৰ বাবে প্রার্থী তালিকা প্রস্তুত কৰা হয় যদিও ইয়াৰে ১২টা সমষ্টিৰ প্রার্থীৰ নাম পেণ্ডিং ৰখা হয়৷ বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত এই গুৰুত্বপূর্ণ বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রকাশ কৰা মতে, আজিৰ বৈঠকত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব খোজা সমষ্টিৰ প্রার্থীৰ তালিকাহে চূড়ান্ত কৰা হৈছে৷ মিত্র দল অগপ আৰু ইউ পি পি এলে প্রতিদ্বন্দ্বিতা কৰিব খোজা আসনসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হোৱা নাই৷ আনহাতে, প্রস্তুত কৰা তালিকাৰ ১২টা সমষ্টিৰ বিপৰীতে প্রার্থীৰ নাম খালী ৰখা হৈছে৷ কিয়নো এই সমষ্টিসমূহৰ প্রার্থীৰ ক্ষেত্রত পুনৰ এলানি আলোচনাৰ প্রয়োজন আছে৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনে আজিৰ বৈঠকত অগপ আৰু ইউ পি পি এলক আসন এৰি দিয়া সন্দর্ভত আলোচনা হোৱা বুলি স্পষ্ট কৰে যদিও মিত্র দল দুটাক কিমান আসন এৰি দিয়া হ’ল, সেই বিষয়ে কোনো তথ্য প্রকাশ নকৰিলে৷ ইফালে অসমত বিজেপিয়ে মুখ্যমন্ত্রী পদৰ বাবে কাৰো নাম প্রক্ষেপ নকৰে বুলি আজি স্পষ্ট কৰিলে সভাপতি ৰঞ্জিত দাসে৷ তেওঁ কয়– যি ৰাজ্যত বিজেপি চৰকাৰ থাকে, সেই ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ প্রার্থীৰ নাম বিজেপিয়ে ঘোষণা নকৰে৷ বিজেপিৰ ৰাষ্ট্রীয় কমিটীয়ে প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও একাধিক সমষ্টিত পূর্বৰ কেইবাজনো মন্ত্রী–বিধায়কে প্রার্থিত্ব লাভ কৰাটো নিশ্চিত হৈছে৷ এই অনুসৰি মাজুলীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শর্মা, দিছপুৰত অতুল বৰা, পূব গুৱাহাটীত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, টিংখাঙত বিমল বৰা, জাগীৰোডত পীয়ূষ হাজৰিকা, ডিব্রুগড়ত প্রশান্ত ফুকন, খুমটাইত মৃণাল শইকীয়া, বোকাজানত নোমল মোমিন, বটদ্রৱাত আঙুৰলতা ডেকা, চতিয়াত পদ্ম হাজৰিকা, গোলাঘাটত অজন্তা নেওগকে কৰি বহুকেইজন পূর্বৰ বিধায়ক–মন্ত্রীৰ প্রার্থিত্ব আজি চূড়ান্ত কৰা হয়৷

মন কৰিবলগীয়া যে অগপ–বিজেপিৰ আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে দিনজোৰা মাৰাথন বৈঠকৰ পাছত আজি বিয়লি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা দলৰ কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠকত জটিলতা নথকা সমষ্টিসমূহৰ প্রার্থী তালিকা চূড়ান্ত কৰা হয়৷ আজিৰ বৈঠকত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী নৰেন সিং টোমৰ, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সাংগঠনিক সম্পাদক দিলীপ শইকীয়া, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, অগপ আৰু ইউ পি পি এলৰ নেতৃত্বও উপস্থিত থাকে৷ উল্লেখ্য যে কাইলৈ অগপ আৰু ইউ পি পি এলৰ সৈতে বিজেপিৰ আসন বুজাবুজিৰ বিষয়টো আনুষ্ঠানিকভাৱে ঘোষিত হ’ব৷ অৱশ্যে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্ব পুনৰ আন এখন বৈঠকত বহাৰ সম্ভাৱনা আছে৷ ইফালে বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি আসন বুজাবুজিৰ ক্ষেত্রত বিজেপি আৰু মিত্র দল নিশাৰ ভাগলৈ ঐকমত্যত আহিবলৈ সক্ষম হৈছে৷ সেই অনুসৰি বিজেপিয়ে ৯০খন আসনত, অগপই ২৬খন আসনত, ইউ পি পি এলে ৮খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ আনহাতে, দুখন আসনৰ ক্ষেত্রত সিদ্ধান্ত চূড়ান্ত হোৱা নাই৷

You might also like