নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাথৰূমত ভুলতো ব্যৱহাৰ নকৰিব স্মাৰ্টফোন! হ’ব পাৰে piles

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ স্মাৰ্ট ফোন বৰ্তমান আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। স্মাৰ্টফোন অবিহনে আমি জীৱনৰ এক মিনিট সময় আঁতৰি থাকিব নোৱাৰি। বহু লোকে আকৌ বাথৰূমত স্মাৰ্ট ফোন লৈ সময় অতিবাহিত কৰে।

কিন্তু জানেনে স্মাৰ্টফোন বাথৰূমত লৈ গ’লে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। লগতে শৰীৰত বিভিন্ন বেক্টেৰিয়াই আক্ৰমণ কৰিব পাৰে। কাৰণত বাথৰূমত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া থাকে আৰু সাধাৰণতে সকলোৱে বাথৰূমৰ পৰা ওলাই আহি হাতহে ধোৱে যদিও স্মাৰ্টফোনটো পৰিস্কাৰ নকৰে, যাৰ পৰিপ্ৰেক্ষিতত ভয়ানক বেমাৰৰ সন্মুখীন হ’ব পাৰে।

আনহাতে আন এটি ভয়ানক বেমাৰ পাইলচৰ সন্মুখীন হ’ব পাৰে আপুনি। বাথৰূমত স্মাৰ্ট ফোন লৈ বহি থকাটো পাইলচৰ অন্যতম কাৰণ হ’ব পাৰে। দৰাচলে যি সকলে বাথৰূমত স্মাৰ্ট ফোন লৈ বহি থাকে আৰু সম্পূৰ্ণ ধ্যান তাতেই থাকে, সেইবাবে পাইলচ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বেছি সময় কুমুডত বহি থকাৰ কাৰণে Anus আৰু Lower Rectum মাংসপেশীত যথেষ্ট পৰিমাণে জোৰ পৰে, যাৰ বাবে পাইলচ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

সেইবাবে বিশেষজ্ঞ সকলে পৰামৰ্শ দিছে যে বাথৰূমত স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাই শ্ৰেয়।

You might also like