নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শপতগ্ৰহণৰ পূৰ্বে প্ৰয়াত পুত্ৰক স্মৰণ কৰি কান্দি উঠিল জো বাইডেন

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আজি আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপত ল’ব জো বাইডেনে। কিন্তু শপত গ্ৰহণলৈ যোৱাৰ আগেয়ে নিজ ৰাজ্য ডেলাৱেৰ এৰাৰ সময়তে চকুপানী ওলাল বৰ্ষীয়ান ৰাষ্ট্ৰপতি জো বাইডেনৰ।

ভাবুক হৈ পৰা বাইডেনক লৈ গৃহৰাজ্যখনত অনুষ্ঠিত কৰা হৈছিল বিদায় সমাৰোহৰ। নেচনেল গাৰ্ড সংযুক্ত বলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সমাৰোহত গৃহ সমষ্টি আৰু নিজৰ প্ৰয়াত পুত্ৰক স্মৰণ কৰি ভাবুক হৈ পৰে বাইডেন আৰু নিগৰি আহে চকুপানী।

এগৰাকী প্ৰতিভাৱান ৰাজনীতিক পুত্ৰ ব্যু বাইডেন নেচনেল গাৰ্ডৰ মেজৰ আছিল আৰু তেওঁৰ মৃত্যু হৈছিল মটৰ গাড়ী দুৰ্ঘটনাত। সমাৰোহৰ ভাষণত পুত্ৰক স্মৰণ কৰি কয় যে আজি এই কথাতে দুখ থাকি গ’ল যে পুত্ৰ বাচি থকা হ’লে তেওঁৰ পছন্দৰ গান ‘স্কাই ফুল অফ ষ্টাৰ’ৰ সংগীত শুনিবলৈ পালে হয়।

You might also like