নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অফিছৰ Zoom মিটিঙৰ সময়তে হঠাত্‍ পত্নীৰ Kiss! চৰম অস্বস্তিত স্বামী; Viral VIDEO

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ  বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংহাৰৰ পৰা পৰিত্ৰাণৰ বাবে ঘোষণা কৰা লকডাউনৰ পৰায়ে কাৰ্যালয়ৰ পৰিৱৰ্তে ঘৰৰ পৰা কাম কৰিবলৈ দিয়া হৈছে। ঘৰৰ পৰা কাম কৰাৰ বাবে কনফাৰেন্স কল, ভিডিঅ’ কনফাৰেন্স, জুম কল বা গুগল মিটৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

zoom মিটিংত ৰেকর্ড হোৱা Shwetaৰ ক্লিপ এতিয়া ভাইৰেল। ইয়াক লৈ বিভিন্ন মিমছ ভাইৰেল হৈ পৰিছে। এইবাৰ ভাইৰেল হ’ল আৰু এক ভিডিঅ’।

ঘটনা অনুসৰি, জুম কলত ব্যস্ত স্বামী। কোনো বিষয়ত কথা পাতি থকাৰ সময়তে হঠাৎ চুমা খাবলৈ আহিল পত্নী। এই ঘটনাত অস্বস্তিত পৰিল স্বামী। এই ভিডিঅ’ ছচিয়েল মিডিয়াত চেয়াৰ কৰিছে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই। যিটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

 আনন্দ মহিন্দ্রাই লিখিছে, “মোৰ মতে এইগৰাকী মহিলা বছৰটোৰ শ্ৰেষ্ঠ পত্নীৰ পুৰস্কাৰ দিয়া উচিত। আৰু যদি তেওঁৰ স্বামী অধিক আগ্ৰহী আৰু সাৱলীল হʼলহেতেঁন, মই তেওঁলোকক বছৰটোৰ শ্ৰেষ্ঠ দম্পতিৰ বাবে মনোনীত কৰিম।”

উল্লেখ্য যে মহিলাগৰাকীয়ে জনা নাছিল স্বামীয়ে যে জুম কলত ভিডিঅ’ অন কৰি কথা পাতিছে। হঠাৎ মহিলাগৰাকীয়ে স্বামীক চুমা খাবলৈ আগুৱাই আহে। যাৰ পাছতে ঘটনাৰ আকস্মিকতাত থতমত খালে স্বামীয়ে।

You might also like