নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে অসম বচাওঁ আহক নহয় নিজকে বচোৱাৰহে অভিযান আৰম্ভ কৰিছেঃ মন্ত্ৰী পিযুষ হাজৰিকা

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ চিকিৎসাৰ ক্ষেত্ৰত ইমানদিনে বিলাসীপাৰাবাসীয়ে বিভিন্ন যাতনা ভোগ কৰি আহিছিল। বিষয়টোকলৈ পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীও প্ৰচেষ্টা অব্যাহত ৰাখিছিল। মডেল হস্পিতাল নিৰ্মাণৰ বাবে অবশেষত ৬.৫ কোটি টকা আৱন্টন লাভ কৰে। উক্ত ধনৰে দেৰ বছৰ মুৰত এটি আটকধুনীয়া হস্পিতালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি হস্পিতাল চৌহদত এখন সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীজনে নিজৰ কাৰ্য্যকালত অন্তিমটো কাৰ্যসূচী বিলাসীপাৰাত অনুষ্ঠিত কৰিবলৈ পাই গৌৰৱান্বিত হয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰীজনে বিজেপি চৰকাৰখনে ৰূপায়ণ কৰা আচঁনি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।মন্ত্ৰীজনক সংগ দিয়ে বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহী চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডঃঅখিল কুমাৰ বৰুৱা, বিভাগীয় যুটীয়া সঞ্চালক ধুবুৰী, এন, আৰ, এইচ, এমৰ সঞ্চালককে ধৰি কেবাজনো বিষয়াই।
ইয়াৰ পিছতে সাংবাদিকৰে সৈতে মুখামুখিহৈ কয় যে, ১৯৪৭ চনত অসমৰ GDP ধনীৰ চতুৰ্থ স্থানত আছিল। কংগ্ৰেছে ৬০ বছৰ শাসন কৰি দৰিদ্ৰৰ চতুৰ্থ স্থানত আনিছিল। কংগ্ৰেছে “অসম বচাওঁ আহক” অভিযান দৰাচলতে নিজকে বচোৱাৰহে অভিযান বুলি কটাক্ষ কৰে।

You might also like