নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত পুনৰ হ’ব এন আৰ চি

নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে।

এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ নাছিৰ হুছেনৰ প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত লৈ জনতাৰ মাজত মতবিভিদেৰ সৃষ্টি হৈছে। এন আৰ চিত এনেকুৱা কোনো ধাৰা নাই যে তাত কোনো বেলেগ ধৰ্মৰ লোকক এন আৰ চিত অন্তৰ্ভুক্ত হ’ব নালাগে। সকলো ধৰণৰ লোকক ইয়াক অন্তৰ্ভুক্ত কৰা হ’ব যি সকল লোক ভাৰতৰ নাগৰিক হয়। ইয়াৰ ধৰ্মৰ আধাৰত ভেদাভেৱ কৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এন আৰ চি বেলগে প্ৰক্ৰিয়া আৰু নাগৰিকত্ব সংশোধনী বিল সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া।

লগতে গৃহমন্ত্ৰীয়ে কয়ে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চি প্ৰক্ৰিয়া হাতত লোৱা হৈছিল। এন আৰ চি প্ৰক্ৰিয়া সমগ্ৰ ভাৰতত যেতিয়া আৰম্ভ কৰা হ’ব তেতিয়া অসমতো এন আৰ চি প্ৰক্ৰিয়া পুনৰ অসমত আৰম্ভ হ’ব। কোনো বিশেষ ধৰ্মক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। সকলো লোকক এন আৰ চিক অন্তৰ্ভুক্ত কৰা হ’ব।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত উত্তৰ দি কয় যে চৰকাৰে হিন্দু শৰণাৰ্থী যিসকল লোক সকল বাহিৰৰ পৰা আহিছে, লগতে বৌদ্ধ, জৈন, আৰু শিখ, খৃষ্ট্ৰিয়ান শৰণাৰ্থী সকলো শৰণাৰ্থীকে নাগৰিকত্ব প্ৰদান বুলি চৰকাৰে চিন্তা কৰি আছে। যাৰবাবে নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰি হিন্দু, শিখ, বৌদ্ধ, জৈন, আৰু খৃষ্ট্ৰিয়ান ধৰ্মৰ লোক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিছে সেইসকল লোকক এই বিলৰ অন্তৰ্ভুক্ত হ’ব। ইয়াৰ লগত এন আৰ চিৰ লগত কোনো সম্বন্ধ নাই।

You might also like