নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮৩৮ পাকিস্তানী, ৯১৪ আফগানী, ১৭২ বাংলাদেশীক দিয়া হৈছে নাগৰিকত্ব, মুঠ কিমান শৰনাৰ্থীক নাগৰিকত্ব দিয়া হ’ল ?

পাৰ্থৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাঙি ধৰে পাকিস্তানী , বাংলাদেশী আৰু আফগানী লোকে ভাৰতত নাগৰিকত্ব পোৱাৰ হিচাপ । দেওবাৰে চেন্নাইত নাগৰিকত্ব সংশোধনী আইন ২০১৯ সম্পৰ্কত হোৱা এক অনুষ্ঠানত এই তথ্যসমূহ দাঙি ধৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

বিগত ৬ বছৰত ২৮৩৮ পাকিস্তানী শৰনাৰ্থী, ৯১৪ আফগানী শৰনাৰ্থী আৰু ১৭২ বাংলাদেশী শৰনাৰ্থীক ভাৰতত নাগৰিকত্ব দিয়া হৈছে । এই শৰনাৰ্থীসকলৰ ভিতৰত মুছলমান ধৰ্মৰ লোকও আছে । ১৯৬৪ ৰ পৰা ২০০৮ লৈকে ৪,০০,০০০ তকৈ অধিক শ্ৰীলংকাৰ তামিলক নাগৰিকত্ব প্ৰদান কৰা হৈছে বুলিও চেন্নাইৰ এই অনুষ্ঠানতে উল্লেখ কৰে নিৰ্মলা সীতাৰমনে ।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ২০১৪ চনলৈকে ৫৬৬ গৰাকী পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মুছলমান লোককো দিয়া হৈছে ভাৰতৰ নাগৰিকত্ব । ২০১৬-১৮ ৰ ভিতৰত নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰায় ১৫৯৫ গৰাকী পাকিস্তানী প্ৰব্ৰজনকাৰী আৰু ৩৯১ গৰাকী আফগানী মুছলমান লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে । একে সময়তে ২০১৬ চনত আদনান স্বামীকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল । ঠিক একেদৰে তছলিমা নাছৰিনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা বিষয়টো অন্য এক উদাহৰণ বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে পূব পাকিস্তানৰ পৰা ভাৰতলৈ অহা লোকসকলৰ কথাও উল্লেখ কৰে ভাষণত । বিভিন্ন শিবিৰত প্ৰায় ৫০-৬০ বছৰ ধৰি বসবাস কৰি থকা এইসকল শৰনাৰ্থীৰ দুৰ্বিসহ জীৱন চকুৰে দেখিলে সকলোৰে চকুলো ওলাব বুলিও কয় নিৰ্মলা সীতাৰমনে । নাগৰিকত্ব সংশোধনী আইনে এইসকল লোকক দুৰ্বিসহ জীৱনৰ পৰা মুক্তি দিয়াৰ লগতে সুন্দৰকৈ বসবাস কৰাৰ বাবেহে এক প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

নিজৰ ভাষণ প্ৰসংগত বিত্তমন্ত্ৰী গৰাকীয়ে একাংশ লোকে এনপিআৰ আৰু এনআৰচিৰ মাজত এক অপপ্ৰচাৰ চলাইছে বুলি কয় । প্ৰতি দহবছৰৰ মূৰে মূৰে উন্নীত হ’ব লগা এন পি আৰৰ সৈতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কোনো সম্পৰ্ক নাই বুলি কয় নিৰ্মলা সীতাৰমনে ।

You might also like