নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ব্রিটিছ ৰাণী দ্বিতীয় এলিজাবেথৰ শেষকৃত্য; লণ্ডনত উপস্থিত ৰাষ্ট্রপতি দ্রৌপদী মুর্মু

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ  বিশ্বৰ সর্বকালৰ আটাইতকৈ দীর্ঘদিনৰ বাবে ৰাজ সিংহাসনত অধিষ্ঠিত থাকি অভিলেখ গঢ়া ব্রিটিছ ৰাণী দ্বিতীয় এলিজাবেথৰ কাইলৈ শেষকৃত্য সম্পন্ন হ’ব লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰ এবেত৷ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ শীর্ষ নেতাসকল আহি লণ্ডনত উপস্থিত হৈছে ৰাণী দ্বিতীয় এলিজাবেথক শেষকৃত্য শ্রদ্ধা জনাবলৈ৷ ভাৰতৰ তৰফৰ পৰা ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে কালি লণ্ডনত উপস্থিত হয়৷ ৰাষ্ট্রপতি মুর্মুৱে ৰাণী দ্বিতীয় এলিজাবেথৰ শেষকৃত্যত উপস্থিত থাকিবলৈ তিনিদিনীয়া ভ্রমণসূচী লৈ লণ্ডনত উপস্থিত হৈছে৷ উল্লেখনীয় যে ৰাণীৰ শেষকৃত্যত যোগদান কৰিবলৈ বিশ্বৰ বহু ৰাষ্ট্রপ্রধানক আমন্ত্রণ জনাইছে ব্রিটিছ চৰকাৰে৷ ইয়াৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাসহ বহুকেইগৰাকী শীর্ষ নেতা৷ আজি নিশাৰ ভাগত বাকিংহাম প্রাসাদত ৰাষ্ট্রপ্রধানসকলৰ্ অভ্যর্থনাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছে ব্রিটেইনৰ নতুন ৰজা তৃতীয় চালর্ছে৷ এই অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু৷ ইয়াৰ পাছত কাইলৈ শেষকৃত্যত অংশগ্রহণ কৰি পুনৰ দেশলৈ ওভতি আহিব ৰাষ্ট্রপতি মুর্মু৷ কাইলৈ শোকযাত্রাৰ সৈতে ৱেষ্ট মিনিষ্টাৰ এবেৰ পৰা ৰাণীৰ মৃতদেহ লৈ যোৱা হ’ব ৱেলিংটন আর্ছলৈ৷ তাৰ পাছত মৃতদেহ উইণ্ডছ’ৰ দুর্গলৈ লৈ যোৱা হ’ব৷ উইণ্ডছ’ৰ দুর্গত শ্রদ্ধা জনোৱাৰ পাছত ৰাণীৰ মৃতদেহ ছেইণ্ট জর্জ চেপেললৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ ছেইণ্ট জর্জ চেপেলত উপস্থিত থাকিব বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধান৷ স্বামী ফিলিপৰ সমাধিৰ কাষতেই সমাধিস্থ কৰা হ’ব ৰাণী দ্বিতীয় এলিজাবেথক৷ উল্লেখনীয় যে যোৱা ৮ ছেপ্ঢেম্বৰত স্কটলেণ্ডৰ বালম’ৰাল প্রাসাদত শেষ নিশ্বাস ত্যাগ কৰে ৰাণী দ্বিতীয় এলিজাবেথে৷ এডিনবৰাৰ ছেইণ্ট জাইলছ কেথাড্রেলত শেষবাৰৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথক বিদায় জনায় হাজাৰ হাজাৰ লোকে৷ স্কটিছ ৰাজধানীৰ পথত ৰাণীৰ কফিনৰ সৈতে খোজ মিলাইছিল তেওঁৰ চাৰি সন্তান তৃতীয় চালর্ছ, ৰাজকুমাৰী এন, যুৱৰাজ এণ্ড্রিউ আৰু যুৱৰাজ এডৱার্ডে৷ উল্লেখনীয় যে যোৱা মঙলবাৰে নিশা ৮ বজাত লণ্ডনলৈ অনা হয় ৰাণীৰ মৃতদেহৰ কফিন৷

You might also like