নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ভাৰতত ক্ৰমাৎ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ৰ প্ৰতি ভাৰতত সৰ্বস্তৰৰ লোকে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ।
দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম ভাৰতীয় ৰে’লৱেই আজি পালন কৰা জনতা কাৰ্ফিউৰ প্ৰতি লক্ষ্য ৰাখি ৩,৭০০ খন ৰে’ল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।
এই ঘটনা ভাৰতীয় ৰে’লৱেৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব ।
উল্লেখ্য যে আজি ভাৰতীয় ৰে’লৱেৰ লগতে মেট্ৰ’ ৰে’ল সেৱা, বিমান সেৱা আৰু যাত্ৰীবাহী বাছৰ চলাচল বন্ধ থাকিব ।