ডিজিটেল ডেস্ক, ৬ জুলাই : ২০১৭ চনৰ ছেপ্টেম্বৰত মুম্বাই–আহমেদাবাদ ৫০৮ কিলোমিটাৰ দীঘল পথত দেশৰ প্রথম বুলেট ট্রেইন চলোৱাৰ সপোন দেখিছিল প্রধানমন্ত্রী মোদীয়ে৷ প্রকল্পটো শেষ হোৱাৰ কথা আছিল ২০২৩ চনত৷ কিন্তু প্রায় ৩ বছৰ পাৰ হৈ যোৱাৰ পিছতে সি বাস্তৱায়িত হৈ নুঠিল৷
শনিবাৰে ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কয়– ‘প্রকল্পৰ ৮০ শতাংশ কাম ইতিমধ্যে শেষ হৈছে৷ দ্রুতগতিত আগবাঢ়িছে নির্মাণকার্য৷ চুৰাত আৰু বিলিমৰাৰ মাজত সংযোগকাৰী ৰে’লসেৱাৰ প্রথম অংশৰ ২০২৭ চনত উদ্বোধন কৰা হ’ব৷ পিছলৈ পর্যায়ক্রমে ভাপি, আহমেদাবাদ আৰু শেষত মুম্বাইপর্যন্ত সম্প্রসাৰিত কৰা হ’ব, যিয়ে ভাৰতক এটা বিশ্বমানৰ ৰে’ল নেটৱর্ক গঢ়ি তোলাৰ লক্ষ্যৰ ওচৰলৈ আগুৱাই লৈ যাব৷
তেওঁ আৰু কয়– ‘গুজৰাটত আধুনিক ৰে’ল ষ্টেচন গঢ়ি তোলা, স্থলপথৰ উন্নতি আৰু অত্যাধুনিক পৰিবহণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছে চৰকাৰে৷ এই প্রকল্প বাস্তৱায়িত হ’লে যাত্রীসকলৰ সুবিধা বাঢ়িব আৰু চহৰৰ যান–বাহন চলাচল ব্যৱস্থা সু–শৃংখলিত হ’ব আৰু এই অঞ্চলৰ সামগ্রিক অর্থনৈতিক তথা সামাজিক উন্নয়ন হ’ব৷
আহমেদাবাদৰ পৰা মুম্বাইলৈ হাই স্পীড ট্রেইন প্রকল্পটো বিলম্ব হোৱাৰ প্রধান কাৰণ ভূমি অধিগ্রহণৰ সমস্যা আৰু মাজতে দুবছৰ ক’ৰোনা অতিমাৰীৰ বাবে কাম বন্ধ হৈ থকা৷ মুম্বাই, আহমেদাবাদ বুলেট ট্রেইন ৫০৮ কিঃমিঃ পথ অতিক্রম কৰিব৷ ১২টা ষ্টেচনত ট্রেইনখন ৰ’ব৷ ইয়াৰ ভিতৰত ৯টা ষ্টেচন গুজৰাটত৷ ৩টা মহাৰাষ্ট্রত৷ মুম্বাই ষ্টেচনটো নির্মাণ কৰা হ’ব মাটিৰ তলত৷ বাকীকেইটা মাটিৰ ওপৰত৷ যাত্রীসকলৰ নিৰাপত্তাৰ কথাটো বিবেচনা কৰি ব্যৱহাৰ কৰা হ’ব উন্নত প্রযুক্তি৷ জাপানী চিনকানচেন প্রযুক্তিত চলোৱা হ’ব ট্রেইনখন৷