নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰত গো–পালনে বন্দীৰ অপৰাধপ্রৱণতা হ্রাস কৰেঃ ভাগৱত

নিয়মীয়া বাৰ্তা,৯ ডিচেম্বৰঃ কাৰাগাৰবোৰত গো–শালা মুকলিৰ ধাৰণাক সমর্থন জনাইছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ৷ শনিবাৰে ভাগৱতে মহাৰাষ্ট্রৰ পুনেত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে কাৰাগাৰত গো পালনৰ জৰিয়তে বন্দীসকলৰ অপৰাধপ্রৱণতা হ্রাস কৰাটো সম্ভৱ হৈছে ৷ গতিকে কাৰাগাৰসমূহত গো–শালা মুকলি কৰি বন্দীসকলক গৰু পালনৰ ক্ষেত্রত উৎসাহ যোগোৱা উচিত বুলি ভাগৱতে মন্তব্য কৰে ৷ নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি, দেশৰ বিভিন্ন স্থানৰ কাৰাগাৰৰ মুৰব্বীয়ে ইতিমধ্যে তেওঁক এই কথা জনাইছে ৷ গো পালনত সময় অতিবাহিত হোৱাৰ বাবেই বহু বন্দীৰ অপৰাধপ্রৱণতা হ্রাস হোৱা বুলি কেইবাগৰাকীও কাৰাগাৰ মুৰব্বীৰ পৰা তথ্য লাভ কৰা বুলি নেতাগৰাকীয়ে পুনেত উল্লেখ কৰাৰ লগে লগে বিষয়টোৱে চর্চা লাভ কৰিছে ৷ দেশজুৰি কাৰাগাৰসমূহত গো–শালা মুকলি কৰাটো চৰকাৰে নিশ্চিত কৰিব লাগে বুলিও উল্লেখ কৰে মোহন ভাগৱতে ৷

You might also like