নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কাৰ বিৰুদ্ধে ৰাজনৈতিক খেল বন্ধ কৰক”- প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে । লগতে কয় যে এতিয়া পাকিস্তানক উত্তৰ দিয়া হ’ব সংখ্যালঘু লোকসকলক কিয় তাত নৃশংস অত্যাচাৰ চলোৱা হয় ।

মোদীয়ে আৰু কয় যে সংশোধিত আইনৰ লক্ষ্য হৈছে নাগৰিকত্ব প্ৰদান কৰা আৰু ইয়াক প্রত্যাহাৰ কৰা নহয় ।

ইপিনে পশ্চিমবংগৰ বেলুৰত অনুষ্ঠিত এই সভাত ভাষণ প্ৰসংগত মোদীয়ে লগতে কয় স্বাধীনতাৰ পিছত মহাত্মা গান্ধী আৰু সেইসময়ৰ নেতাসকলে বিশ্বাস কৰিছিল যে পাকিস্তানৰ নিপীড়িত ধর্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা উচিত ।

ইপিনে নাগৰিকত্ব আইন বলবৎ হ’লেও কেন্দ্রই উত্তৰ-পূর্বৰ পৰিচয়, জনসংখ্যা আৰু সংস্কৃতি ৰক্ষাৰ বাবে দৃষ্টি ৰাখিব বুলিও তেওঁ মন্তব্য কৰে ।

মোদীয়ে কয় যে উত্তৰ-পূব আমাৰ গৌৰৱ । কা’ই পৰিচয়, জনসংখ্যা আৰু সংস্কৃতিৰ ক্ষেত্ৰত কোনো প্ৰতিকূল প্ৰভাৱ নেপেলায় । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে সকলো ব্যৱস্থা হাতত লৈছে ।

উল্লেখ্য যে নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

You might also like