নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তি শিল্পী লতা মংগেশকাৰ আইচিইউতেই থাকিবঃ চিকিৎসক

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ কভিডত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰিজকেন্দ্ৰী হাস্পতালত চিকিৎসাধীন হৈ থকা কিংবদন্তি শিল্পী লতা মংগেশকাৰ অহা ৭-৮ দিলৈ আইচিইউতেই নিৰীক্ষণত থাকিব। যোৱা মঙলবাৰে চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি হৈ থকা শিল্পী মংগেশকাৰৰ চিকিৎসাৰ দায়িত্বত থকা ডাঃ প্ৰতীত সামদানিয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথোপকথনত চিকিৎসকগৰাকীয়ে কয় তেওঁ আইচিইউতে নিৰীক্ষণত থাকিব। আমি অপেক্ষাৰে চাই আছোঁ। তেওঁৰ আৰোগ্যৰ বাৰে প্রার্থনা কৰক। দেশৰ নাইটিংগেল অৱ ইণ্ডিয়া’ পৰিচিত লতা মংগেশকাৰ কভিডত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈথকা সময়ৰে পৰা দেশজুৰি তেওঁৰ আশু আৰোগ্য কামনা কৰি আছে। সংগীত জগতলৈ অভাৱনীয় বৰঙণি আগবঢ়োৱা শিল্পী লতা মংগেশকাৰক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰ পৰা পদ্মবিভূষণ, পদ্মভূষণ, দাদা চাহেব ফাল্কেকে ধৰি অনেক বঁটাৰে সন্মানিত কৰা হৈছে।

You might also like