নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৰে’ল ষ্টেচনত মহিলাক ধর্ষণ; চাৰি ৰে’ল কর্মচাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ প্লেটফর্মত এগৰাকী ৩০ বছৰীয়া মহিলাক দলবদ্ধ ধর্ষণৰ অভিযোগত চাৰিজন কর্মচাৰীক গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ গ্রেপ্তাৰ কৰা এই চাৰি কর্মচাৰী হৈছে ৰে’লৱেৰ বৈদ্যুতিক বিভাগৰ৷ আৰক্ষীয়ে এই দলবদ্ধ ঘটনা সন্দর্ভত প্রকাশ কৰা মতে, বৃহস্পতিবাৰে নিশা ৰে’লৰ বিদ্যুৎ কার্যালয়ৰ ভিতৰলৈ লৈ গৈ মহিলাগৰাকীক দলবদ্ধ ধর্ষণ কৰে৷ দুজন অভিযুক্তই মহিলাগৰাকীক ধর্ষণ কৰি থকা সময়ত আন দুজন অভিযুক্তই বাহিৰত ৰক্ষী হিচাপে পহৰা দি আছিল৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই চাৰি ৰে’ল কর্মচাৰী হৈছে– ৩৫ বছৰীয়া সতীশ কুমাৰ, ৩৮ বছৰীয়া বিনোদ কুমাৰ, ৩৩ বছৰীয়া মংগল চান্দ আৰু ৩৭ বছৰীয়া জগদীশ চান্দ৷ ৰে’লৱেৰ বিচিপি হৰেন্দ্র সিঙে প্রকাশ কৰা মতে, দলবদ্ধ ধর্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱতি নিশা আৰক্ষীক ফোনযোগে ঘটনা সন্দর্ভত অৱগত কৰিছিল৷ আৰক্ষীয়ে ততালিকে ৰে’ল ষ্টেচনলৈ গৈ মহিলাগৰাকীক উদ্ধাৰ কৰে৷

You might also like