জংঘলৰ মাজতো ৰজনীকান্তই নেৰিলে নিজৰ জনপ্ৰিয় ষ্টাইল; চাওক ভিডিঅ’-
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ নিজৰ জনপ্ৰিয় আৰু বিন্দাচ ষ্টাইলেৰে সদায়ে দৰ্শকক আকৰ্ষণ কৰি অহা দক্ষিণৰ তাৰকা ৰজনীকান্তে এইবাৰ ডাঠ অৰণ্যৰ মাজতো সেই ভংগীমা কৰা দেখা গ’ল ।
ছবিগৃহলৈ ৰজনীকান্তৰ ছবি আহিলেই তেওঁৰ চশমা পিন্ধাৰ ষ্টাইলৰ পৰা গাড়ী চলোৱালৈকে তেওঁৰ সকলো স্বকীয় ভংগীমাই দৰ্শকৰ মন জয় কৰি আহিছে । কিন্তু এইবাৰ যি ষ্টাইল ভাইৰেল হৈছে সেয়া কিছু ব্যতিক্ৰম । কাৰণ এইবাৰ ৰূপালী পৰ্দাৰ বিপৰীতে অৰণ্যৰ মাজত দেখা গ’ল তাৰকাগৰাকীক এই ষ্টাইলত ।
উল্লেখ্য যে বেয়ৰ গ্ৰীল্ছৰ সৈতে ডিস্ক’ভাৰী চেনেলত প্ৰদৰ্শিত হ’বলগীয়া শ্ব’ত দক্ষিণৰ তাৰকাগৰাৰ এক প্ৰ’মো ভিডিঅ’ শেহতীয়াকৈ মুকলি কৰা হৈছে । য’ত তাৰকা ৰজনীকান্তক এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে ।
আপুনিও চাওক এই ভিডিঅ’-
Superstar @Rajinikanth’s relentless positivity and never giving up spirit was so visible in the wild as he embraced every challenge thrown at him. Respect! Watch Into The Wild with @BearGrylls on March 23 at 8:00 pm. @DiscoveryIN #ThalaivaOnDiscovery pic.twitter.com/s9PodYGv05
— Bear Grylls (@BearGrylls) March 9, 2020
উল্লেখ্য যে এই শ্ব’টো ২৩ মাৰ্চৰ নিশা ৮ বজাত ডিস্ক’ভাৰী চেনেলত প্ৰদৰ্শিত হ’ব ।