নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটকৰ আখৰাত ভগত সিঙৰ চৰিত্রত ‘শ্বহীদ’ হোৱাৰ দৃশ্যত মৃত্যু ছাত্রৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ:  নাটকৰ আখৰাৰ সময়ত ডিঙিত ফাঁচি লোৱাৰ দৃশ্যত অভিনয় কৰি থকাৰ সময়তে মৃত্যু হ’ল সপ্তম শ্রেণীৰ এজন ছাত্রৰ৷ ১২ বছৰ বয়সীয়া এই কিশোৰ ছাত্রজনৰ নাম সঞ্জয় গৌৰা৷ কর্ণাটকৰ কোলাৰত সংঘটিত হৈছে এই ঘটনা৷ মৃত কিশোৰ কোলাৰৰ এছ এল ভি স্কুলৰ সপ্তম শ্রেণীৰ ছাত্র৷ সংবাদ সূত্রই প্রকাশ কৰা অনুসৰি আগন্তুক সপ্তাহত সঞ্জয়ৰ বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত শ্বহীদ ভগত সিঙৰ জীৱনীৰ ওপৰত ভিত্তি কৰি এখন নাটক মঞ্চায়ন হোৱাৰ কথা আছিল৷ সেই নাটকত ভগত সিঙৰ চৰিত্রত অভিনয়ৰ বাবে সুযোগ দিয়া হৈছিল সঞ্জয়ক৷

পৰিয়ালৰ সূত্রই প্রকাশ কৰা অনুসৰি শনিবাৰে নিশা অকলে অকলে এই নাটকৰ আখৰা চলাই আছিল সঞ্জয়ে৷ ইংৰাজ চৰকাৰৰ হাতত ভগত সিঙৰ ফাঁচিৰ দৃশ্যৰ আখৰাৰ সময়ত হঠাতে ডিঙিত ফাঁচ লাগি যায় এই কিশোৰজনৰ৷ ঘটনাস্থলীতে কিশোৰজনৰ মৃত্যু হয়৷ লক্ষণীয়ভাৱে ঘটনাৰ সময়ত ঘৰত কোনো অন্য লোক উপস্থিত নাছিল৷ ঘৰলৈ উভতি অহাৰ পিছত পৰিয়ালৰ লোকসকলে কিশোৰজনক মৃত অৱস্থাত দেখিবলৈ পায়৷ এই ঘটনাই এতিয়া দেশজুৰি চর্চা লাভ কৰিছে৷

You might also like