নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮২.৭২ টকালৈ অৱনমিত

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: পুনৰ আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ পতন ঘটিছে৷ এইবাৰ দেশৰ অর্থনীতিক লৈ বিভিন্ন মহলত উদ্বেগ বৃদ্ধি পাইছে৷ আজি দুপৰীয়াৰ ভাগত প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮২.৭২ টকালৈ অৱনমিত হয়৷ বিগত কেইবাসপ্তাহ ধৰি দেশৰ মুদ্রাৰ মূল্যৰ ক্রমাগতভাৱে পতন ঘটি আহিছে৷ ইয়াৰ ফলত বিৰোধী দলসমূহৰ আক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছে কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰ৷ পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা আছে৷ ব্লুমবার্গৰ বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি ভাৰতৰ মুদ্রাৰ মূল্যৰ এনে অৱনতি ঘটি থাকিলে চৰকাৰৰ বিড়ম্বনা বৃদ্ধি পাব৷ শুকুৰবাৰে যেতিয়া শ্বেয়াৰ বজাৰ বন্ধ হৈছিল তেতিয়া ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮২. ৪৭ টকালৈ অৱনমিত হৈছিল৷ আজি এইক্ষেত্রত নতুন অভিলেখ গঢ়িলে টকাৰ অৱমূল্যায়নে৷

You might also like