নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতেই উৎফুল্লিত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দিল্লীৰ নিৰ্বাচন আয়োগে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ । নিজৰ টুইটাৰৰ জৰিয়তে নিৰ্বাচন আয়োগক ধন্যবাদ জনোৱাৰ লগতে দিল্লীক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ বাবে বিজেপিয়ে কাম কৰিব বুলি উল্লেখ কৰে ।

বিজেপিৰ সমূহ কাৰ্যকৰ্তাক উদ্দেশ্যি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশত যি উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কাম কৰিলে সেইসমূহ আপ চৰকাৰে কিদৰে দিল্লীত কাৰ্যক্ষম নকৰিলে সেইসমূহ দিল্লীৰ প্ৰতিটো পৰিয়ালক জনাব লাগিব ।

এইক্ষেত্ৰত সমূহ দিল্লীবাসীয়ে এক নতুন অভিলেখ গঢ়াৰ বাবে ভোটদান কৰিব বুলিও আশাবাদী অমিত শ্বাহ । দিল্লীৰ শান্তিভংগ কৰা সকলৰ বিৰুদ্ধে এই ভোটদান হ’ব বুলি পুনৰবাৰ যেন কেজৰিৱাল চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় অমিত শ্বাহে ।

You might also like