নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়েলমী ৫ আই ৯ জানুৱাৰীত ভাৰতীয় বজাৰত মুকলি

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পনী ৰিয়েলমীয় ৫ চিৰিজৰ ৫ আই ক ৯ জানুৱাৰী তাৰিখে ভাৰতীয় বজাৰত মুকলি কৰিব। ইয়াৰ আগতে ৰিয়েলমীয়ে ৫ক বজাৰত মুকলি কৰা হৈছিল। আৰু সেই ফোনটো ভাৰতৰ বজাৰত যথেষ্ট জনপ্ৰিয় হৈছিল। ৰিয়েলমীৰ ৫ আইৰ শেহতীয়াকৈ বহু বৈশিষ্ট্য় চৰ্চিত হৈছে। ৰিয়েলমী ৫ আইৰ উচ্চ মানৰ কেমেৰা উপলব্ধ হ’ব বুলি অনুমান কৰা হৈছে। ৰিয়েলমী ৫ক ভিয়েটনামৰ ই কৰ্মাচ চাইট এফ টি প্ৰায় ভাৰতীয় মূল্যত ১৩০০০ টকাত উপলব্ধ হ’ব বুলি উল্লেখ আছে। এই ফোনটোত ৫.২ ইঞ্চিৰ এইচ ডি প্লাছ ডিচপ্লে সংযুক্ত হৈ আছে। লগতে স্কীণত সংযুক্ত হৈ আছে কাৰ্নিংগ গৰিলা গ্লাছ। কেমেৰা হিচাপে এই ফোনটোত ৪ কেমেৰা সংযুক্ত হৈ আছে যত ১২ মেগাপিক্সেল মুখ্য কেমেৰা, ৮ মেগাপিক্সেল ৱাইড এংগেল কেমেৰা, ২ মেগাপিক্সেল ডেপ্ঠ চেন্সৰ আৰু ২ মেগাপিক্সেল মেক্ৰ লেন্স সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও ৫০০০ এমএইচ বেটাৰী গ্ৰাহকে লাভ কৰিব।

You might also like