নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ ভাৰত–বাংলাদেশ সীমান্তত নগদ ধন–গাঞ্জাসহ ট্রাক জব্দঃ আটক দুই

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দোৰাদাব্রী বিএছএফ কেম্প এলেকাৰ বিএছএফে যোৱানিশা সীমান্তৰ কাষৰ পৰা নগদ ধন, ড্রাকসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে৷

উল্লেখ্য যে ৰাজ্যখনৰ ভাৰত–বাংলাদেশ সীমান্তৰ দোৰাদাব্রী বিএছএফ কেম্প এলেকাৰ দায়িত্বত থকা ১৪০নং বিএন বিএছএফ বাহিনীয়ে যোৱানিশা প্রায় ৯বজাত সীমান্ত পথৰ কাষত প্রতিদিনৰ দৰে তালাচী চলাবলৈ ধৰে৷ সেই সয়মত আৰ জে–১৮ জি বি–২৯৬০ নম্বৰৰ এখন ড্রাকত বিএছএফে তালাচী চলাই ড্রাকখনৰ পৰা ৪৩০ কেজি গাঞ্জা, নগদ ৪৯,৯৯০ টকা আৰু ড্রাকখন জব্দ কৰে৷

আনহাতে, বিএছএফে ড্রাকচালকসহ ড্রাকত থকা আন এজন লোকক কৰায়ত্ত কৰে৷ ধৃত লোক দুজন ক্রমে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ ৰাদমালৰামৰ পুত্র নাৰাং লাল আৰু বুন্দি জিলাৰ ৰাম কিষাণৰ পুত্র সৰদাৰ সিং বুলি জানিব পৰা গৈছে৷

সীমান্ত সুৰক্ষা বাহিনীয়ে দুয়োকে গাঞ্জা, নগদ ধন, ড্রাকসহ আটক কৰি কোচবিহাৰ আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে ইতিমধ্যে দুয়োকে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷

You might also like