নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃত্বকালীন ছুটী সাংবিধানিক অধিকাৰ, চৰকাৰৰ দয়া নহয়, স্পষ্ট কৰিলে উচ্চ ন্যায়ালয়ে

ডিজিটেল ডেস্ক, ১২ জুলাই : মাতৃত্বকালীন ছুটী কোনো দয়া বা দক্ষিণা নহয়৷ ই এটি সাংবিধানিক অধিকাৰ৷ –শেহতীয়াকৈ এটা গোচৰ সন্দর্ভত এইদৰে জনায় জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে নিয়ম মানি মাতৃত্বকালীন ছুটী লোৱা হ’লে সেই সময়ৰ দৰমহা দিবলৈ কর্তৃপক্ষই অস্বীকাৰ কৰিব নোৱাৰিব৷ কেইবাখনো বেচৰকাৰী মেডিকেল কলেজৰ চিকিৎসকসকলে মিলি গোচৰ তৰিছিল উচ্চ ন্যায়ালয়ত৷ তেওঁলোকৰ অভিযোগ যে তেওঁলোকৰ মাতৃত্বকালীন ছুটীৰ সময়ৰ দৰমহা আৰু ভাট্টা আদায় দিয়া হোৱা নাই৷ এই সময়ছোৱাত তেওঁলোকক ‘আউট অৱ এছাইনমেণ্ট’ বুলি দেখুওৱা হৈছে৷

জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজনীশ জয়ছোৱালৰ বিচাৰপীঠত এই গোচৰটোৰ শুনানি হয়৷ উচ্চ ন্যায়ালয়ে জনাই দিয়ে যে চৰকাৰে মাতৃত্বকালীন ছুটী দিয়াৰ পিছত কোনো নির্দেশিকা জাৰি কৰি এই ছুটীৰ সময়ত চিকিৎসকলক দৰমহা দিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব৷ অভিযোগকাৰীসকলৰ বক্তব্য যে ২০২৪ চনত এটা চৰকাৰী নির্দেশিকা জাৰি কৰা হৈছিল৷ এই নির্দেশিকাৰ ভিত্তিতেই চৰকাৰী নিয়ম মানি তেওঁলোকে তেওঁলোকৰ ছুটী মঞ্জুৰ হয়৷ কিন্তু পিছত যোৱা বছৰৰ অক্টোবৰত আন এটি নির্দেশিকাৰ কথা উল্লেখ কৰি তেওঁলোকৰ ছুটীৰ সময়ৰ দৰমহা বন্ধ কৰি ৰখা হয় বুলি অভিযোগ তোলে৷

অভিযোগকাৰীসকলে কয় যে ছুটী সন্দর্ভত দৰমহা কর্তন হোৱাৰ কথা তেওঁলোকক পূর্বতে কোৱা হোৱা নাছিল৷ আনহাতে জম্মু আৰু কাশ্মীৰ প্রশাসনৰ যুক্তি আছিল যে গুচৰীয়াসকল নিয়মীয়া চৰকাৰী কর্মচাৰী নহয়৷ ম্যাদভিত্তিক নিযুক্তি আছিল তেওঁলোকৰ৷ সেইবাবে তেওঁলোকে মাতৃত্বকালীন ছুটীত দৰমহা পাব নোৱাৰে বুলি প্রশ্ণ উত্থাপন কৰে চৰকাৰী আইনজীৱীয়ে৷ এই যুক্তি ন্যায়ালয়ে গ্রহণযোগ্য বুলি মানি নল’লে৷

ন্যায়ালয়ে জনায়– ‘মাতৃত্বকালীন ছুটীক চৰকাৰী কৰুণাৰ বিষয় কৰি তুলিব নোৱাৰি৷ ই মহিলাৰ মর্যাদাৰ ওপৰত প্রতিষ্ঠিত৷ এই সাংবিধানিক অধিকাৰ লংঘন কৰিব পৰা নাযায়৷’ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ যে মাতৃত্বকালীন ছুটী মঞ্জুৰ হোৱাৰ পিছত কর্তৃপক্ষই কাৰো দৰমহা আটক কৰি ৰাখিব নোৱাৰে৷ ছুটীৰ অধিকাৰৰ সৈতে স্বাভাৱিকভাৱে যুক্ত হৈ আছে সম্পূর্ণ পাৰিশ্রমিক পোৱাৰ অধিকাৰ৷ এনে অৱস্থাত অভিযোগকাৰী পক্ষৰ মাতৃত্বকালীন ছুটীৰ সময়ৰ বকেয়া দৰমহা আৰু ভাট্টা সম্পূর্ণৰূপে আদায় দিয়াৰ বাবেও উচ্চ ন্যায়ালয়খনে চৰকাৰক নির্দেশ দিয়ে৷

You might also like