নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন চি নেতা শাৰদ পাৱাৰৰ

এন চি পি নেতাৰ নৱাব মল্লিকৰ মতে কৃষকৰ সমস্যাক লৈহে সাক্ষাৎ

নিউজ ডেস্ক ২০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ চৰকাৰ গঠনক লৈ চলি থকা শিৱসেনা, এন চি পি, আৰু কংগ্ৰেছৰ মাজত চলি থকা কুচকাৱাজৰ মাজতেই এন চি পিৰ নেতা শাৰদ যাদৱে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। উল্লেখ্য যে এই সাক্ষাৎকাৰৰ সময়ত কেৱল মহাৰাষ্ট্ৰৰ কৃষকৰ সমস্যাক লৈ আলোচনা কৰা হৈছে। এই আলোচনাৰ সময়ত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকো আমন্ত্ৰণ কৰা হৈছিল। তাৰ পাছত ৰাজ্যসভাত জম্মু আৰু কাশ্মীৰৰ ওপৰত ভাষণ শেষ হোৱাৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ এই বৈঠকত উপস্থিত হয়।

You might also like