নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমান–ড্রোন বিধ্বংসী ক্ষেপণাস্ত্রৰ পৰীক্ষা ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: এইবাৰ দেশীয় প্রযুক্তিত নির্মাণ কৰা অতি কম দূৰত্বভেদী ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা কৰিলে ভাৰতে৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ তৰফৰ পৰা বিমান বিধ্বংসী এই ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা কৰা হয় ওড়িশাৰ চাঁদিপুৰ পৰীক্ষাকেন্দ্রত৷ প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রই জনোৱা অনুসৰি পৃষ্ঠভূমিৰ পৰা আকাশলৈ ক্ষেপণাস্ত্রটো উৎক্ষেপণ কৰাৰ সময়ত ই নিখুঁতভাৱে লক্ষ্যবস্তুত আঘাত হানিবলৈ সক্ষম হৈছে৷ এই কম দূৰত্বভেদী বিমান বিধ্বংসী ক্ষেপণাস্ত্রৰ নাম ৰখা হৈছে ‘ভেৰী শ্বর্ট ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম’ (ভিএছ–এইচ’আৰএডিএছ)৷ তুলনাত কম উচ্চতাত থকা শত্রু পক্ষৰ বিমান, ড্রোন আদিক ধ্বংস কৰিব এই ক্ষেপণাস্ত্রই৷

You might also like