নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত শোকাৱহ পথ দুর্ঘটনাত ৫জনৰ প্রাণহানি, আহত পাঁচ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বিহাৰৰ কাটিহাৰ জিলাত আজি পুৱাৰ ভাগত ট্রাক আৰু অটোৰিক্সাৰ মাজত সংঘটিত মুখামুখি সংঘর্ষত কমপক্ষেও ৫গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য পাঁচগৰাকী গুৰুতৰভাৱে আহত হৈছে৷ এক বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰা বেণ্ডপার্টীৰ সদস্য কঢ়িয়াই অনা অটোৰিক্সা এখনক বিপৰীত দিশৰ পৰা অহা ট্রাক এখনে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে পাঁচগৰাকী লোক নিহত হয়৷

আৰক্ষী সূত্রই সদৰী কৰিছে এই তথ্য৷ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ খাইৰা বাহিয়াৰপুৰ অঞ্চলত এই দুর্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ উল্লেখনীয় যে পুর্ণিয়াৰ মাৰাংগাত এক বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰি বেণ্ডপার্টীৰ সদস্যসকল উভতি আহিছিল৷ নিহত তথা আহত লোকসকলক তাৎক্ষণিকভাৱে চিনাক্ত কৰা হয়৷

You might also like