নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ সার্বভৌমত্বৰ পক্ষত আমেৰিকাৰ ছিনেটঃ অৰুণাচল প্রদেশক নিজৰ বুলি চীনৰ দাবীক আমেৰিকাৰ নস্যাৎ

  • মেকমোহন লাইনেই ভাৰত–চীনৰ আন্তর্জাতিক সীমা
  • ছিনেটৰ প্রস্তাৱত অৰুণাচল প্রদেশ ভাৰতৰ অভিন্ন অংগ

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰি থকা চীনে বিগত দশক দশক ধৰি অৰুণাচল প্রদেশৰ ভূমিত প্রৱেশ কৰি ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ আন্তর্জাতিক সীমা বিবাদৰ গইনা লৈ চীনৰ সেনাই অৰুণাচল প্রদেশৰ ভূমিত প্রৱেশ কৰি উত্তেজনা সৃষ্টি কৰি থকাৰ লগতে ভাৰতৰ প্রতি আগ্রাসী ভূমিকা লৈ থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রই অৰুণাচল প্রদেশক লৈ গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰিছে৷ আমেৰিকাৰ ছিনেটত ভাৰত আৰু চীনৰ আন্তর্জাতিক সীমা মেকমোহন লাইনেই বুলি প্রস্তাৱ গ্রহণ কৰিছে৷ অর্থাৎ মেকমোহন লাইনেই দুই দেশৰ মাজৰ আন্তর্জাতিক সীমা৷

ছিনেটৰ প্রস্তাৱত অৰুণাচল প্রদেশক ভাৰতৰ অভিন্ন অংগ হিচাপে উল্লেখ কৰি মেকমোহন লাইনক আন্তর্জাতিক সীমাৰ স্বীকৃতি প্রদান কৰিছে৷ ছিনেটৰ বিল হেগার্টি আৰু ছিনেটৰ জেফ মার্কলীয়ে ভাৰত আৰু চীনৰ আন্তর্জাতিক সীমা মেকমোহন লাইনক স্বীকৃতি দি প্রস্তাৱটি উত্থাপন কৰে আৰু সর্বসন্মতক্রমে এই প্রস্তাৱটি গৃহীত হয়৷ বিল উত্থাপন কৰি ছিনেটৰ বিল হেগার্টিয়ে কয়– ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রৰোচিতভাৱে চীনে ভাবুকি সৃষ্টি কৰি থকাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্রই অঞ্চলটোত আমাৰ কৌশলগত অংশীদাৰ৷ বিশেষকৈ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিয়াটো জৰুৰী৷ প্রস্তাৱটোত অৰুণাচল প্রদেশক ভাৰতৰ অভিন্ন অংগ বুলি স্বীকৃতি দি চীনৰ আগ্রাসী সামৰিক অভিযানক গৰিহণা দি এল এ চিৰ যথাস্থিতি চীনে সলনি কৰিবলৈ বিচাৰি আছে বুলি উল্লেখ কৰা হৈছে৷ লাডাখৰ পূব প্রান্তৰ এল এ চিত চীন আৰু ভাৰতৰ সেনাৰ মাজত ইতিহাসৰ সবাতোকৈ বৃহৎ সংঘর্ষক দুই দেশৰ মাজত চলি থকা উত্তেজনাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রৰ ছিনেটৰ প্রস্তাৱত চীন–ভাৰতৰ আন্তর্জাতিক সীমা মেকমোহন লাইন বুলি স্বীকৃতি দিয়াটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্রাসনক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে চীনৰ চলি থকা দ্বন্দ্বৰ মাজতে ভাৰতৰ সমর্থনত থিয় দি মার্কিন চৰকাৰে একধৰণৰ কৌশলী ৰাজনীতি লৈছে৷ চীনৰ দাবীক নস্যাৎ কৰি অৰুণাচল প্রদেশক ভাৰতৰ অভিন্ন অংগ বুলি আমেৰিকাই স্পষ্ট কৰি দিছে৷ উনুকিয়াওঁ যে চীনে দাবী কৰি আহিলেও ভাৰতে চীনৰ দাবীক নস্যাৎ কৰি অৰুণাচল প্রদেশক ভাৰতৰ অভিন্ন অংগ বুলি স্পষ্ট কৰি দি আহিছে৷

You might also like