নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ৰাজনৈতিক সংঘাতত সংকটত পৰা মধ্যপ্রদেশৰ কমল নাথ নেতৃত্বাধীন কংগ্রেছ চৰকাৰ আজি বিধানসভাত আস্থাভোটৰ সন্মুখীন হ’ব৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা গান্ধী পৰিয়ালৰ ঘনিষ্ঠ জ্যোতিৰাদিত্য সিন্ধিয়াই দল ত্যাগ কৰাৰ পাছত তেওঁৰ সমর্থনত ৬ মন্ত্রীসহ ২২ গৰাকী বিধায়কে পদত্যাগ কৰাৰ পাছতে সংকটত পৰে কমল নাথ নেতৃত্বাধীন কংগ্রেছ চৰকাৰ৷ বিগত সপ্তাহ ধৰি ৰাজনৈতিক অচলাৱস্থা চলি থকাৰ মাজতে যোৱানিশা মধ্যপ্রদেশৰ ৰাজ্যপাল লালজী টেণ্ডনে বিধানসভাৰ অধ্যক্ষ নর্মদাপ্রসাদ প্রজাপতিক আজি বিধানসভাত কমল নাথ নেতৃত্বাধীন চৰকাৰখনক সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ নির্দেশ দিয়ে৷ ১৫ মহীয়া কংগ্রেছী চৰকাৰখনৰ ২২জন বিধায়কে পদত্যাগ কৰাৰ পাছতেই ৰাজ্যপাল টেণ্ডনে নির্দেশনাযোগে ১৬ মার্চৰ পুৱা ১১ বজাত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ পৰামর্শ দিয়ে৷
সেইমর্মে আজি ১১ বজাত ৰাজ্যপালে ভাষণ প্রদান কৰাৰ পাছতেই কমল নাথ নেতৃত্বাধীন চৰকাৰখনে আস্থাভোটৰ সন্মুখীন হ’ব৷ কোনো কাৰণতেই আস্থাভোট স্থগিত কিম্বা বিলম্ব কৰিব নোৱাৰিব বুলিও ৰাজ্যপালে নির্দেশ দিছে৷
উল্লেখ্য যে কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ ৬ মন্ত্রীসহ ২২গৰাকী বিধায়কে পদত্যাগ কৰাৰ পাছতো মুখ্যমন্ত্রী কমল নাথে তেওঁৰ চৰকাৰ বর্তি থাকিব বুলি দাবী কৰি আহিছে৷ আনকি যোৱা ১৩ মার্চত মুখ্যমন্ত্রীগৰাকীয়ে আস্থাভোটৰ সন্মুখীন হ’বলৈ সাজু হৈ আছে বুলি অধ্যক্ষক সাক্ষাৎ কৰি অৱগত কৰিছিল৷ ইপিনে কাইলৈ আস্থাভোট অনুষ্ঠিত হোৱাৰ প্রতি লক্ষ্য ৰাখি ভূপালৰ প্রান্তে প্রান্তে ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ বাংগালুৰুত বাহৰ পাতি থকা ২২ পদত্যাগী কংগ্রেছী বিধায়কক বিজেপিয়ে বন্দী কৰি ৰখা বুলি মুখ্যমন্ত্রী নাথে অভিযোগ কৰি আহিছে যদিও বিজেপিয়ে সেয়া খণ্ডন কৰিছে৷ তাৎপর্যপূর্ণ যে মুখ্যমন্ত্রী নাথে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক পত্রযোগে পদত্যাগী বিধায়কক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে৷ পদত্যাগী বিধায়কক লৈ কংগ্রেছ আৰু বিজেপিৰ মাজত অভিযোগ–প্রতিভিযোগ কাইলৈ আস্থাভোটৰ পাছতেই প্রমাণিত হ’ব কমল নাথ নেতৃত্বাধীন কংগ্রেছ চৰকাৰ বর্তি থাকে নে নাথাকে৷ বিধানসভাত কমল নাথ চৰকাৰে সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিব নোৱাৰিলে বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত৷