নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীবাসীৰ মৰম–আশীর্বাদে ড০ হিমন্ত বিশ্ব শর্মাক বহু দূৰ আগবঢ়াই নিছে

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ জালুকবাৰীবাসীৰ মৰম আৰু আশীর্বাদে ড০ হিমন্ত বিশ্ব শর্মাক বহুদূৰ আগবঢ়াই নিছে৷ সমষ্টিটোৰ ৰাইজৰ মৰম আমাৰ দেহৰ ৰন্ধ্রে ৰন্ধ্রে আছে৷ আমি কাহানিও জালুকবাৰীবাসীৰ মৰম পাহৰিব নোৱাৰিম৷ –এই মন্তব্য মন্ত্রী ড০ শর্মাৰ মাতৃ মৃণালিনী দেৱীৰ৷ মঙলবাৰে সন্ধিয়া পশ্চিম শুৱালকুছিত এটা নির্বাচনী কার্যালয় মুকলি কৰি তেওঁ কয়– আমি ১৯৯৬ চনৰ পৰা আপোনালোকৰ লগত এটা পৰিয়ালৰ দৰে আছেছা৷ আগলৈও থাকিম৷ আমি আপোনালোকৰ পৰা ভোট বিচাৰি অহা নাই, আহিছেছা আশীর্বাদ বিচাৰি৷ আপোনালোকৰ আশীর্বাদ পালে নিশ্চয় মোৰ পুত্র হিমন্ত বিশ্ব শর্মাই আৰু আগবাঢ়ি গৈ জালুকবাৰীৰ নাম বিশ্বত জিলিকাব৷ নির্বাচনী সমিতিৰ সভাপতি ভৱেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত শুৱালকুছি মণ্ডল সভাপতি হেমচন্দ্র বৈশ্য, সম্পাদক অপূর্ব দাস, জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা প্রমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like