নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ গোচৰৰ শুনানি সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : শিক্ষা প্রতিষ্ঠানত হিজাব পৰিধানৰ অধিকাৰ সম্পর্কীয় গোচৰৰ ৰায় সংৰক্ষিত ৰাখিছে উচ্চতম ন্যায়ালয়ে৷ কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই কৰা আবেদনৰ ১০ দিন ধৰি শুনানি গ্রহণ কৰাৰ পাছত আজি ন্যায়াধীশ হেমন্ত গুপ্ত আৰু ন্যায়াধীশ সুধাংশু ধুলিয়াৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ উপৰি হিজাব পৰিধানৰ অধিকাৰ বিচাৰি আবেদন জনোৱা ছাত্রীসকলৰ পিছত কট্টৰপন্থী সংগঠন পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ ভূমিকা থকা বুলি উচ্চতম ন্যায়ালয়ত কর্ণাটক চৰকাৰৰ তৰফৰ পৰা কালি যি অভিযোগ অনা হৈছিল, সেই বিষয়ত কোনোধৰণৰ পর্যবেক্ষণৰ কথা উল্লেখ কৰা নাই দুয়োগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে৷ উচ্চতম ন্যায়ালয়ত ১০ দিনীয়া শুনানি পর্বত কর্ণাটক চৰকাৰৰ তৰফৰ পৰা প্রতিনিধিত্ব কৰিছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ আৰু কর্ণাটকৰ মহাধিবক্তা প্রভুলিং কে নাভাদগিয়ে৷ ইফালে, আবেদনকাৰী মুছলিম ছাত্রীসকলৰ তৰফৰ পৰা গোচৰটোত প্রতিনিধিত্ব কৰিছিল ছলমান খুৰশ্বিদ আৰু দুষ্যন্ত ডাভেই৷

You might also like