নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তৰ ভাৰত ভূখণ্ডত বেদখল চীনৰ

ডিজিটেল ডেস্ক, ২৯ জুন : আগ্রাসী ৰঙা চীনৰ আন এক ভয়ংকৰ ভাৰতবিৰোধী ষড়যন্ত্র উন্মোচিত হৈছে৷ মেকমোহন লাইনৰ সিপাৰতে দুষ্কার্য অব্যাহত নাৰাখি অৰুণাচল প্রদেশ সীমান্তত ভাৰতৰ ভূখণ্ডত বেদখল চলাইছে চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পিএলএ)–এ৷ ইয়াৰ বিস্ফোৰক তথ্যসম্বলিত এখন পত্র যোৱা ২৬ জুনত উজনি সোৱণশিৰি জিলাৰ উপায়ুক্তক প্রদান কৰে অৰুণাচল প্রদেশৰ নাগৰিক সমাজৰ এটা সংগঠন নাহ ৱেলফেয়াৰ ছ’চাইটী (এন ডব্লিউ এছ)ৰ সভাপতি কেৰু চাডেৰে৷ য’ত চীনৰ আগ্রাসনৰ বিৰুদ্ধে কেন্দ্র–ৰাজ্য চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ ক্ষেত্রত জিলা উপায়ুক্তক পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনোৱা হৈছে৷

পত্রখনত উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশৰ টকছিং চার্কোলৰ অন্তর্গত সীমান্তৱর্তী কেতবোৰ নতুন আৰু গুৰুত্বপূর্ণ স্থান বেদখল কৰি চীনে অতি দ্রুতগতিৰে সম্প্রসাৰিত কৰিছে নিজৰ ভূখণ্ড৷ বেদখলকৃত এনে কেতবোৰ স্থানত ইতিমধ্যে ড্রেগন বাহিনীয়ে সামৰিক ঘাটি স্থাপন কৰাৰ লগতে পথ–দলঙো নির্মাণ কৰিছে৷ এই বিষয়টো উনুকিয়াই পত্রখনত অতি স্পষ্টভাৱে লিখা হৈছে যে আমাৰ পৈতৃক ভূমি য’ত আমি মাত্র কেইটামান বছৰ আগলৈকে অবাধে বিচৰণ কৰিছিলোঁ, চিকাৰ কৰিছিলোঁ আৰু বনজ সম্পদ সংগ্রহ কৰিছিলোঁ, সেই অঞ্চলসমূহ সম্প্রতি চীনৰ সৈন্য বাহিনী পিএলএৰ দখলত৷ বিশেষকৈ বিগত ১০–১৫ বছৰত সীমান্তৱর্তী এলেকাত পিএলএৰ কার্যকলাপ বৃদ্ধি হৈছে বুলি এনডব্লিউএছে উল্লেখ কৰে৷ এনে অৱস্থাত পিএলএৰ শেহতীয়া তৎপৰতাৰ লগে লগে ভাৰতে আৰু অধিক ভূখণ্ড হেৰুওৱাৰো সংগঠনটোৱে আশংকা ব্যক্ত কৰে পত্রখনত৷

এই প্রসংগতে ৫টা গুৰুত্বপূর্ণ স্থানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে৷ এইকেইটা হ’ল–টকছিং সদৰৰ সমীপৱর্তী আছাফিলাৰ অ’য়িং–চুজার্টাৰ পানিয়াৰ–মাৰানাফেৰ মাৰপান–পোট্রাং হ্রদ–টিনডিংটাঙ টিজি৷ এনডব্লিউএছে কৰা অভিযোগ অনুসৰি, ২০২০ চনৰ আগলৈকে উক্ত স্থানকেইটা ভাৰত ভূখণ্ডৰ অধীনতেই আছিল৷ কিন্তু এতিয়া পিএলএই দখল কৰি লোৱাৰ সমান্তৰালভাৱে তাত সামৰিক ঘাটি স্থাপন আৰু পথ-দলং নির্মাণ কৰিছে৷ তদুপৰি পৱিত্র তীর্থস্থান থকা চাৰি অঞ্চলৰ কেতবোৰ স্থানো বেদখল কৰিছে চীনে৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল চীনৰ ভূখণ্ড সম্প্রসাৰণ তথা বেদখলৰ পৰিণতিত সীমান্তৱর্তী অঞ্চলত বসবাস কৰা স্থানীয় জনগোষ্ঠীৰ জীৱন আৰু নিৰাপত্তালৈ ভাবুকি নামি আহিব পাৰে বুলি পত্রখনত আশংকা ব্যক্ত কৰা হয়৷ এনে অৱস্থাত নাগৰিক সংগঠনটোৱে চীনৰ কার্যকলাপ অব্যাহত থাকিলে স্থানীয় লোকসকলৰ জীৱিকা আৰু পৰম্পৰাগত যাতায়াতৰ ওপৰত বিৰূপ প্রভাৱ পৰিব বুলি সতর্ক কৰি দিয়ে৷

পত্রখনত লিখা হৈছে যে টকছিঙত পিএলএৰ কার্যকলাপৰ উদ্দেশ্য আৰু গতিবিধি অত্যন্ত ভাবুকিপূর্ণ আৰু গভীৰ চিন্তাৰ বিষয়৷ আমি তেওঁলোকৰ বাবে প্রতিদিনে ইঞ্চি ইঞ্চিকৈ ভূমি হেৰুৱাইছোঁ৷ স্থানীয় জনগোষ্ঠীসমূহে প্রজন্মৰ পিছত প্রজন্ম ধৰি অবাধে ব্যৱহাৰ কৰা পূর্বপুৰুষৰ চিকাৰথলী আৰু গো–চৰণীয়া পথাৰসমূহ এতিয়া পিএলএই দখল কৰিছে৷

লক্ষণীয়ভাৱে ভাৰতীয় সেনা বাহিনীৰ প্রতি এনডব্লিউএছে গভীৰ আস্থা ব্যক্ত কৰিছে যদিও পত্রখনত এক তাৎপর্যপূর্ণ বিষয় উল্লেখ কৰিছে৷ কোৱা হৈছে যে ভাৰতীয় সেনাৰ ওপৰত আমাৰ কোনো সন্দেহ নাই৷ আমাৰ সদায়ে তেওঁলোকৰ প্রতি বিশ্বাস আছে৷ তেওঁলোকে বহু বছৰ ধৰি আমাৰ ভূমিত পহৰা দি আছে৷ কিন্তু তেওঁলোকৰ এই পদক্ষেপ যথেষ্ট নহয়৷ সংগঠনটোৱে পত্রখনৰ সৈতে প্রমাণ হিচাপে কিছুসংখ্যক ফটো সংলগ্ণ কৰি দিছে৷ লগতে নিজ ভূমিৰ সুৰক্ষাৰ হকে টকছিং চার্কোলৰ জনসাধাৰণৰ হৈ তাৎক্ষণিকভাৱে চৰকাৰ–প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷ এতিয়া সমগ্র বিষয়টোক অৰুণাচল প্রদেশ–কেন্দ্র চৰকাৰে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like