নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় সন্তানৰ পিতৃ হ’বলৈ ওলাইছে ফেচবুকৰ মুৰব্বী জুকাৰবার্গ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : তৃতীয় সন্তানৰ পিতৃ হ’বলৈ ওলাইছে ফেচবুক তথা মেটাৰ কর্ণধাৰ মার্ক জুকাৰবার্গ৷ ছ’চিয়েল মিডিয়াত আজি নিজেই খবৰটো শ্বেয়াৰ কৰিছে ধনকুবেৰ জুকাৰবার্গে৷ জুকাৰবার্গে উল্লেখ কৰে যে মাক্স আৰু আগষ্টৰ পাছত তেওঁ তথা পত্নী প্রিছছিলা চানৰ তৃতীয় কন্যা সন্তান ভূমিষ্ঠ হ’ব আগন্তুক বর্ষত৷ পত্নীৰ সৈতে এখন ছবিও মুকলি কৰি দিছে জুকাৰবার্গে৷ স্মর্তব্য যে জুকাৰবার্গৰ দুই কন্যা মাক্স আৰু আগষ্টৰ জন্ম হৈছিল ২০১৫ তথা ২০১৬ চনত৷ এইবাৰো জুকাৰবার্গ দম্পতীৰ কোলালৈ আহিব কন্যা সন্তান৷

You might also like