নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সক্রিয় ৰাজনীতিলৈ আহিব ‘কুইন’ কংগনা ৰাণাৱট

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: বলীউডৰ সুন্দৰী অভিনেত্রী কংগনা ৰাণাৱটে সক্রিয় ৰাজনীতিত পদার্পণৰ ইংগিত দিছে৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত অভিনেত্রী কংগনা ৰাণাৱটে সক্রিয় ৰাজনীতিত প্রৱেশ কৰিলে তেওঁ হিমাচল প্রদেশৰ পৰা ২০২৪ চনত মাণ্ডি লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অভিনেত্রীগৰাকীয়ে সক্রিয় ৰাজনীতিত পদার্পণৰ ইচ্ছা মুকলিকৈ প্রকাশ কৰি কয়–যিধৰণৰ পৰিস্থিতি হৈছে যদি চৰকাৰে মোৰ অংশগ্রহণ বিচাৰে, তেতিয়াহ’লে তেওঁ সকলো ক্ষেত্রতে অংশগ্রহণ কৰিব৷ যদি হিমাচল প্রদেশৰ জনতাই মোক সেৱাৰ সুবিধা দিয়ে, তেতিয়াহ’লে ই সৌভাগ্যৰ কথা হ’ব৷ তদুপৰি, অভিনেত্রীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভূয়সী প্রশংসা কৰি এগৰাকী মহান পুৰুষ আখ্যা দিয়ে৷ ৰাহুল গান্ধী আৰু প্রধানমন্ত্রী মোদীৰ মাজত প্রতিদ্বন্দ্বিতাৰ প্রসংগৰে অভিনেত্রীগৰাকীয়ে কয় যে মোদীয়ে জানে যে তেওঁৰ কোনো প্রতিদ্বন্দ্বী নাই৷

You might also like