নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰত সর্বাধিক হ্রাস ভাৰতৰ বিদেশী পুঁজি ভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য অৱনমিত হৈ থকাৰ পৰিপ্রেক্ষিতত ভাৰতৰ বিদেশী পুঁজি ভাণ্ডাৰ হ্রাস পাইছে৷ বিগত কেইবাসপ্তাহ ধৰি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সর্বকালৰ সর্বনিম্ন নতুন নতুন অভিলেখ গঢ়ি আছে৷ আন্তর্জাতিক মুদ্রা বজাৰত ডলাৰ শক্তিশালী হোৱাৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ পতন অব্যাহত থকাত বিদেশী পুঁজি ভাণ্ডাৰ বিগত দুবছৰৰ ভিতৰত সর্বনিম্ন হৈছে৷ তথ্য মতে, ২১ অক্টোবৰত ভাৰতৰ বিদেশী পুঁজি ভাণ্ডাৰ ৫২৪.৫২০ বিলিয়ন মার্কিন ডলাৰলৈ হ্রাস পাইছে৷ যোৱা ১৪ অক্টোবৰত বিদেশী পুঁজি ভাণ্ডাৰ আছিল ৫২৮.৩৬৭ বিলিয়ন মার্কিন ডলাৰ৷ অর্থাৎ এসপ্তাহত ভাৰতৰ বিদেশী পুঁজি ৩.৮৫ বিলিয়ন মার্কিন ডলাৰ হ্রাস পাইছে৷ উল্লেখ্য যে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ইতিহাসত প্রথমবাৰৰ বাবে ভাৰতীয় মুদ্রাৰ মূল্য ৮৩ টকা অতিক্রম কৰিছে৷ তথ্য মতে বছৰটোত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ১০–১২ শতাংশ নিম্নগামী হৈছে৷ আৰবিআয়ে ডলাৰৰ বিপৰীতে টকাৰ মূল্য উন্নীত কৰিবলৈ পদক্ষেপ গ্রহণ কৰি আছে যদিও সেয়া ফলপ্রসূ হোৱা নাই৷ গুৰুত্বপূর্ণ যে ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পিছৰে পৰা ভাৰতৰ বিদেশী পুঁজি ভাণ্ডাৰ প্রায় ১০০ বিলিয়ন মার্কিন ডলাৰ হ্রাস পাইছে৷

You might also like