নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইলাপুৰত ৬ আৰক্ষী জোৱানৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত গোচৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ আক্রমণত অসম আৰক্ষীৰ ৬জন জোৱানে প্রাণ হেৰুওৱা ঘটনাৰ চি বি আইৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ জিতুল ডেকাই দাখিল কৰা ৪৪/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত হস্তক্ষেপ কৰিব পাৰে নে নোৱাৰে সেই সন্দর্ভত সংশ্লিষ্ট দুই ৰাজ্যৰ পৰা মতামত বিচাৰিছে উচ্চ ন্যায়ালয়ে৷ অহা ২৩ আগষ্টৰ ভিতৰত সংশ্লিষ্ট চৰকাৰ দুখনে উচ্চ ন্যায়ালয়ত এই বিষয়ে অৱগত কৰিব লাগিব৷

মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰি আবেদনকাৰী জিতুল ডেকাই কয় যে সংবিধানৰ ১৩১ অনুচ্ছেদৰ অধীনত সীমাবিবাদ সন্দর্ভত হস্তক্ষেপ কৰিব পাৰে নে নোৱাৰে সেই সন্দর্ভত উচ্চ ন্যায়ালয়ে মতামত বিচাৰিছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ধলাই আৰক্ষী থানাত দাখিল কৰা এজাহাৰত কিদৰে মিজো আৰক্ষী আৰু দুর্বৃত্তই নির্মমভাৱে আক্রমণ কৰিছিল সেয়া উল্লেখ কৰিছে৷ সেয়েহে এই ঘটনাৰ এক উচিত তদন্ত হোৱা উচিত৷

উল্লেখ্য যে ২৬ জুলাইত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই কৰা আক্রমণত ৬জন জোৱান শ্বহীদ হোৱাৰ লগতে অর্ধ শতাধিক লোক আহত হৈছিল৷

You might also like