সেনা দিৱসৰ পিছত গণতন্ত্ৰ দিৱসত ছিগনেল ক’ৰৰ পেৰেডৰ নেতৃত্বত তানিয়া
নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ কেপ্টেইন তানিয়া ছেৰগিলে গণতন্ত্ৰ দিৱসৰ পেৰেডত সেনাৰ ছিগনেল ক’ৰৰ পেৰেডৰ নেতৃত্ব বহন কৰিব। উল্লেখ্য যে ইয়াৰ আগতে তানিয়াই সেনা দিৱসৰ পেৰেডৰ নেতৃত্ব কৰিছিল।
কিশোৰী অৱস্থাৰ পৰাই তানিয়াৰ সেনাৰ সৈতে পৰিচয় আছিল।যাৰ বাবে তানিয়াই সেনাত ভৰ্তি হবলৈ মনতে হেপাঁহ পুহি ৰাখিছিল। সেনা বাহিনীত ভৰ্তি হোৱাৰ সম্বন্ধে ছেৰগিলে কয় যে কোনো বিশেষ দিন নাছিল সেনা বাহিনীত ভৰ্তি হম বুলি। যেতিয়া মই সৰু ছোৱালী আছিলো তেতিয়া মই দেউতাক সেনাবাহিনীৰ পোছাকত দেখিছিলো। মোৰ মন আছিল মইও এদিন সেনা বাহিনীৰ পোছাক যোৰ পিন্ধিম। আনহাতে পেৰডৰ বাছনি প্ৰক্ৰিয়া সম্পৰ্কে কয় যে বাছনি এবছৰৰ পূৰ্বে আমাৰ সৰু প্ৰশিক্ষণ কেন্দ্ৰ এটাত হৈছিল। দুজন বিষয়াই সেনা দিৱসৰ লগতে গণতন্ত্ৰ দিৱসৰ নেতৃত্ব দিৱৰ বাবেও বাছনি আৰু তেতিয়াৰ পৰা প্ৰশিক্ষণ হৈছিল। আনহাতে তানিয়াই কয় যেতিয়াই সেনাৰ বিষয়ে আলোচনা হয় তেতিয়া তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে যে সেনাজন পুৰুষ নে মহিলা।
উল্লেখ্য যে তানিয়া অফিচাৰ্চ ট্ৰেইনিং একাডেমীৰ (চেন্নাইৰ) পৰা স্নাতক। তানিয়াই ১ নং ছিগনেল ট্ৰেইনিং চেন্টাৰ জবলপুৰত কৰ্মৰত। ২০১৭ চনত কৰ্পচ অফ চিগনেলছত নিযুক্ত হৈছিল। তানিয়া ইলেকট্ৰনিকছ আৰু টেলিকমিউনিকেচনচ নাগপুৰ বিশ্ববিদ্যালয়ৰ বি.টেক ডিগ্ৰী লাভ কৰিছিল।
তানিয়াৰ আজো ককাক শিখ ৰেজিমেণ্টত কৰ্মৰত আছিল। ককাক ১৪ত আৰ্ম ৰেজিমেণ্ট আৰু দেউতাক ১০১ মিডিয়াম ৰেজিমেণ্টৰ(আৰ্টালিয়েৰী) কৰ্মত আছিল।