নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে আজি ‘কা’ ‘কা’ কৈ চিঞৰি আছে, কিন্তু শাসনকালত কিয় মাৰ কথা এবাৰো নাভাবিলে !

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ “যেতিয়া কাৰ আন্দোলন হ’ল তেতিয়া কোৱা হ’ল বাগিচাৰ মাটিত কোনোবা বিদেশী মানুহ আহিব ! কোৱা হ’ল চৰকাৰী খালী মাটিত বিদেশী নাগৰিক আহিব ! কিন্তু আমি আপোনালোকৰ আগত ৰৈ আজি স্পষ্ট কৰি কৈছো- যেতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে, তেতিয়ালৈকে আমি এজনো বিদেশীক ইয়াত সোমাব নিদিওঁ ।”- শুকুৰবাৰে বোকাখাতত সংকল্প সমাৰোহত অংশ লৈ এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

ইপিনে বিজেপিয়ে বিকাশ আৰু উন্নয়নৰ মাজেৰে অসমক দেশৰ ৫ খন আগশাৰীৰ ৰাজ্য হিচপে গঢ়ি তুলিম বুলি মন্তব্য কৰি তেওঁ কয় যে- চাহ বাগিচাৰ মাটি যদি কোনোবাই পাব সেয়া কেৱল চাহ বাগিচাৰ মানুহেহে পাব, তাৰ বাদে কোনেও সেই মাটি পাব নোৱাৰে ।

ইয়াৰোপৰি কোনোবাই কৈছিল ইয়ালৈ ১ কোটি মানুহ আহিব, কিন্তু আমি কওঁ যদি ১ জনো মানুহ আহে তেন্তে বিজেপিয়ে ইয়াত ৰাজনীতি নকৰে বুলিও তেওঁ মন্তব্য কৰে ।

বোকাখাতত ড০ হিমন্ত বিশ্ব শৰ্মা

ইয়াৰোপৰি কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয়- কাজিৰঙালৈকে আধা অংশ আজি বাংলাদেশীয়ে লৈ গ’ল ! মৰিগাঁও লৈ গ’ল ! ধুবুৰীও লৈ গ’ল ! লগতে আজি বাংলাদেশী আহি বোকাখাতৰ দুৱাৰদলিত ৰৈছেহি । কংগ্ৰেছৰ দিনত আমি বাৰে বাৰে আবেদন কৰি এই সমূহ বাংলাদেশীক উচ্ছেদ কৰিবলৈ আবেদন কৰিছিলো । কিন্তু আজি কংগ্ৰেছে যে ৰাজপথত কা কা বুলি চিঞৰি আছে, সেই সময়ত কিয় কংগ্ৰেছে মাৰ কথা চিন্তা নকৰিলে বুলি ড০ শৰ্মাই তীব্ৰ সমালোচনা কৰে ।

ইফালে ভাষণৰ শেষত ড০ হিমন্ত বিশ্ব শৰ্মাই সভাত উপস্থিত থকা লোকক কিতজ্ঞতা জ্ঞাপন কৰি উন্নয়নৰ মাধ্যমেৰে অসমত বিকাশৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

You might also like