নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাৰ নৱগঠিত চৰকাৰৰ সকলো মন্ত্ৰী কোটিপতি

এছ'চিয়েচন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'মৰ্ছৰ তথ্য

নিয়মীয়া বাৰ্তা,১৮ নৱেম্বৰঃ হাৰিয়ানাৰ নৱগঠিত বিজেপি-জেজেপি মৰ্চা চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে কোটিপতি । শেহতীয়াকৈ এছ’চিয়েচন ফ’ৰ ডেম’ক্ৰেটিক ৰিফ’মৰ্ছৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দুখীয়া জনসাধাৰণৰ উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাজ্যখনত গঠন হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনত আছে ১২ গৰাকী মন্ত্ৰী । এই আটাইকেইগৰাকী মন্ত্ৰীয়েই একো একোজন ধনকুবেৰ । এডিআৰৰ প্ৰতিবেদন অনুসৰি, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী জয়প্ৰকাশ দালালৰ আছে ৭৬ কোটি টকাৰ সম্পত্তি । ইফালে,উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ আছে ৭৪ কোটি টকাৰ সম্পত্তি । উল্লেখনীয় যে, ২০১৪ত ৰাজ্যখনৰ ১০ গৰাকী মন্ত্ৰীৰ ভিতৰত সাতগৰাকী আছিল কোটিপতি । কিন্তু এইবাৰ আটাইকেইগৰাকী কোটিপতি নেতাই লাভ কৰিছে মন্ত্ৰিত্বৰ দায়িত্ব । এই কোটিপতি মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ ১৭.৪১ কোটি টকা বুলিও এডিআৰে সদৰী কৰিছে । ইফালে, দুগৰাকী মন্ত্ৰীৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী পৰ্যায়ৰ বুলি সদৰী হৈছে । বাকী ১০ গৰাকীয়ে নিজৰ শিক্ষাগত অৰ্হতা স্নাতক বা তাৰ ওপৰত বুলি ঘোষণা কৰিছে ।

You might also like