নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ডিচেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব পি.চিদাম্বৰম

আদালতৰ পৰা কোনো ধৰণৰ সকাহ নাপালে প্ৰাক্তন বিত্ত মন্ত্ৰী পি.চিদাম্বৰমে

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰাক্তন বিত্ত মন্ত্ৰী পি.চিদাম্বৰমৰ পুনৰ মুখ ঠেকেছা। এনফৰ্চমেন্ট ডাইৰেক্টৰ গোচৰত আই এন এক্স মিডিয়াৰ বিত্তীয় কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী জনক ৰৌচ এভিনিউৰ বিশেষ আদালতে পুনৰ ২৭ ডিচেম্বৰলৈকে ন্যায়িক জিন্মালৈ বৃদ্ধি কৰে।

উল্লেখ্য যে নতুন দিল্লীত অধিবক্তাৰ আন্দোলন হৈ থকাৰ বাবে ভিডিঅ কন্ফাৰেন্সৰ যোগেদি আদালতত হাজিৰ কৰোৱা হয়। প্ৰাক্তন মন্ত্ৰী গৰাকীৰ আজি ন্যায়িক জিম্মাৰ অন্ত পৰিছিল যাৰ বাবে আদালতৰ সন্মুখত হাজিৰ কৰা হৈছিল।

You might also like