নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰুপতিত বিমানবন্দৰতে ধর্ণা টিডিপি মুৰব্বী এন চন্দ্রবাবু নাইডুৰ

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ অন্ধ্র প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা তেলুগু দেশম পার্টী (টিডিপি)ৰ মুৰব্বী এন চন্দ্রবাবু নাইডুৱে আজি তিৰুপতি বিমানবন্দৰত এক ধর্ণা কার্যসূচীত বহে৷ চিটোৰলৈ যোৱাৰ ক্ষেত্রত আৰক্ষীয়ে বিমানবন্দৰত নাইডুক বাধা প্রদান কৰাৰ পিছতে নেতাগৰাকীয়ে বিমানবন্দৰৰ মজিয়াতে প্রতিবাদী কার্যসূচীত বহে৷ চিটোৰত পৌৰ নিগমৰ নির্বাচনৰ প্রচাৰত অংশগ্রহণ কৰাৰ কথা আছিল নাইডুৱে৷

তিৰুপতি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি নেতাগৰাকীক চিটোৰলৈ যোৱাৰ অনুমতি প্রদান কৰিলে আইন–শৃংখলা পৰিস্থিতি বিঘ্ণিত হোৱাৰ আশংকা আছে৷ সংবাদ সংস্থা এ এন আইৰ প্রতিবেদন অনুসৰি প্রতিবাদী কার্যসূচীত বহাৰ পিছতে নাইডুক স্থানীয় আৰক্ষীয়ে আটক কৰে৷ এই ঘটনাৰ পিছতে অন্ধ্র প্রদেশৰ ৱাই এছ আৰ কংগ্রেছ পার্টীৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মহলে কঠোৰ মন্তব্য আগবঢ়াইছে৷

You might also like