বৃহস্পতিক প্রদক্ষিণ কৰা ১২টা নতুন উপগ্রহ আৱিষ্কাৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সৌৰজগতৰ বৃহত্তম গ্রহ বৃহস্পতিৰ আৰু ১২টা উপগ্রহ আৱিষ্কাৰ কৰিছে আমেৰিকাৰ জ্যোতির্বিজ্ঞানীসকলে৷ বৃহস্পতিৰ কক্ষপথত এই উপগ্রহবোৰ ঘূৰি থকাটো নিশ্চিত কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ এই নতুন তথ্য প্রকাশ পোৱাৰ পিছত বৃহস্পতিয়েই আটাইতকৈ বেছি উপগ্রহ থকা সৌৰজগতৰ গ্রহ হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ পূর্বে সৌৰজগতৰ আটাইতকৈ বেছি উপগ্রহ থকা গ্রহ হিচাপে চিহ্ণিত কৰা হৈছিল শনিক৷ শনিৰ কক্ষপথত ঘূৰি থকা উপগ্রহৰ সংখ্যা ৮৩টা৷ বৃহস্পতিক প্রদক্ষিণ কৰি থকা উপগ্রহৰ সংখ্যা ৯২টা৷ ৱাশ্বিংটনৰ কার্নেগি ইনষ্টিটিউচন ফৰ ছায়েন্সৰ জ্যোতির্বিজ্ঞানী স্কট চেপার্ডৰ নেতৃত্বত জ্যোতির্বিজ্ঞানীৰ এটা দলে কালি বৃহস্পতিৰ কক্ষপথত এই ১২টা নতুন উপগ্রহৰ সন্ধান লাভ কৰিছে৷ অৱশ্যে বৃহস্পতিৰ এই উপগ্রহবোৰৰ আকাৰ যথেষ্ট ক্ষুদ্র৷ জ্যোতির্বিজ্ঞানীসকলৰ্ মতে এই উপগ্রহসমূহৰ স্থান হৈছে জোভিয়ান জগত৷ স্মর্তব্য যে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন– এই চাৰিটা গ্রহৰ অঞ্চলকে জোভিয়ান জগত বুলি কোৱা হয়৷ মহাকাশ গৱেষণা নাছাই নতুন উপগ্রহকেইটা সন্দর্ভত বিভিন্ন পর্যবেক্ষণ আৰম্ভ কৰিছে৷