নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ক’ভিড চেণ্টাৰলৈ ২ কোটি বৰঙণি বিগ বিৰ

নিয়মীয়া বাৰ্তা, ১০ মেঃ  নতুন দিল্লীৰ ৰাকবগঞ্জ গুৰুদ্বাৰৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ ২ কোটি টকা বৰঙণি আগবঢ়াইছে বলীউডৰ মেগাষ্টাৰ বিগ বি খ্যাত অমিতাভ বচ্চনে৷ দিল্লী শিখ গুৰুদ্বাৰা ব্যৱস্থাপনা কমিটীৰ সভাপতি মনজিন্দৰ সিং ছিৰছাই বিগ বিয়ে ২ কোটি টকা ক’ভিড কেয়াৰ চেণ্টাৰলৈ বৰঙণি হিচাপে আগবঢ়োৱা বুলি ঘোষণা কৰি তেওঁৰ এই সেৱাক প্রশংসা কৰিছে৷

বিগ বিয়ে এই ধনখিনি ক’ভিড কেয়াৰ চেণ্টাৰলৈ বৰঙণি হিচাপে আগবঢ়াই কয়– ‘শিখসকল কিংবদন্তি৷ তেওঁলোকৰ সেৱাৰ বাবে ছেল্যুট৷ বৰঙণিৰ উপৰি বিদেশৰ পৰা ক’ভিড কেয়াৰ চেণ্টাৰলৈ অক্সিজেন কনচেনট্রেটৰ অনাত সহায় কৰা বুলি প্রকাশ কৰিছে কমিটীয়ে৷

You might also like