নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড লকডাউন সংকটঃ গৰাকীহীন জন্তুৰ বাবে ৬০ লাখ আবণ্টন উৰিষ্যাৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১০ মেঃ ক’ভিড–১৯ৰ লকডাউনৰ সময়ত খাদ্য সংকটত পৰা গৰাকীহীন জন্তুৰ খাদ্যৰ বাবে ৬০ লাখ টকা আবণ্টন দিছে উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা বিশেষ কাৰণত ৬০ লাখ টকা গৰাকীবিহীন জন্তুৰ বাবে  আবণ্টন জনাইছে৷

উল্লেখ্য যে ক’ভিড–১৯ৰ শৃংখল ভংগৰ বাবে লকডাউন বলৱৎ কৰাৰ ফলত ৰাজ্যখনৰ প্রান্তে প্রান্তে গৰাকীবিহীন জন্তু খাদ্য সংকটত পৰিছে৷ এনে পৰিপ্রেক্ষিতত গৰাকীবিহীন ভতুৱা কুকুৰ, গৰুৰ খাদ্য সংকটৰ সমস্যা আঁতৰ কৰাৰ বাবেই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ৬০ লাখ টকা আবণ্টন জনোৱা হৈছে৷ ৰাজ্যখনৰ ভুবনেশ্বৰ, কটক, সম্বলপুৰ, ৰুৰকেলা আৰু ব্রহ্মপুৰ, মেট্র’পলিটান কর্প’ৰেচনক প্রতিদিনে গৰাকীহীন জন্তুৰ খাদ্যৰ বাবে ২০ হাজাৰ টকাকৈ খৰচ কৰিবলৈ নির্দেশ দিয়া হৈছে৷

উৰিষ্যাৰ জনসংযোগ বিভাগে এই তথ্য সদৰী কৰিছে৷ মন কৰিবলগীয়া যে লকডাউনৰ সময়ত খাদ্য সংকটত পৰা গৰাকীহীন জন্তুৰ বাবে খাদ্য যোগান ধৰাক লৈ মুখ্যমন্ত্রীয়ে ৬০ লাখ টকা আবণ্টন জনোৱা বিষয়টো ভূয়সী প্রশংসিত হৈছে৷

You might also like