নিয়মীয়া বাৰ্তা, ১৫ মার্চ: এটা সময় আছিল যেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আমাৰ দেশলৈ আহিছিল। সপ্তম শতিকাত চীনৰ পৰা হিউয়েন ছাং, একাদশ শতিকাত আলবেৰুনি বা চতুৰ্দশ শতিকাত ইবন বাট্টুটা ভাৰতলৈ আহিছিল। কিন্তু সময়ৰ চকৰি ঘূৰি ইয়াৰ সম্পূৰ্ণ ওলোটা হৈ পৰে। কিয়নো বৰ্তমান সময়ত লাখ লাখ ভাৰতীয়ই দেশ এৰি বহিঃৰাষ্ট্ৰলৈ ঢাপলি মেলিছে।
১৪ মাৰ্চত লোকসভাত দাখিল কৰা নথিত উল্লেখ কৰা হৈছে যে ইমিগ্ৰেচন এক্ট, ১৯৮৩ৰ অধীনত বিগত ২০২২ চনত ৩,৭৩,৪৩৪ জন ভাৰতীয়ক ইমিগ্ৰেচন ক্লিয়াৰেন্স প্ৰদান কৰা হৈছিল, ইয়াৰে ১০,৬৫৪ জন পঞ্জাৱৰ।
১৮খন দেশলৈ ঢাপলি ভাৰতীয়ৰঃ
ইমিগ্ৰেচন এক্ট, ১৯৮৩, ভাৰতৰ নাগৰিকক বহিঃৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে। এই আইনৰ অধীনত ভাৰতীয়সকলক ১৮খন দেশত কৰ্মসংস্থাপনৰ বাবে ইমিগ্ৰেচন ক্লিয়াৰেন্স প্ৰদান কৰা হয়। এই দেশসমূহ হ’ল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), চৌদি আৰব, ইণ্ডোনেছিয়া, কাটাৰ, ওমান, কুৱেইট, বাহৰেইন, মালয়েছিয়া, লিবিয়া, জৰ্ডান, য়েমেন, চুডান, দক্ষিণ চুডান, আফগানিস্তান, ইণ্ডোনেছিয়া, ছিৰিয়া, লেবানন আৰু থাইলেণ্ড।
৫ বছৰত ৮ লাখ লোকে বিদেশী নাগৰিকত্ব লৈছে:
পৰিসংখ্যা অনুসৰি ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত অৰ্থাৎ ৫ বছৰৰ ভিতৰত আঠ লাখতকৈ অধিক লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল। যদিও ২০২০ চনত এই সংখ্যা হ্ৰাস পাইছিল, কিন্তু কাৰণ কৰ’না মহামাৰী বুলি ধাৰণা কৰা হৈছে।
কিয় ভাৰতীয়সকলে বহিঃৰাষ্ট্ৰত বসতি স্থাপন কৰিছে?
প্ৰতি বছৰে ভাৰতৰ পৰা লাখ লাখ লোকে নিজৰ দেশ এৰি বহিঃৰাষ্ট্ৰত বসতি স্থাপন কৰে। এই সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। এই সকলোবোৰৰ মাজতে দেখা গৈছে যে পৰ্যাপ্ত সুবিধা, নতুন সম্ভাৱণা, উন্নত ভৱিষ্যত, কৰ্মসংস্থাপন, কষ্ট অনুসৰি ধন আদি কাৰণবোৰৰ বাবেই মুখ্যত ভাৰতীয়সকলে নিজ দেশ এৰি বহিঃৰাষ্ট্ৰলৈ ঢাপলি মেলিছে।