নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ পথত একাঠু বোকা পানী: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: কামৰূপ জিলাৰ বকোৰ বহু গাঁৱলীয়া পথ সম্প্ৰতি মৰণৰ ফাণ্ডতহে পৰিণত হৈছে। উদাহৰণ স্বৰূপে বকো বজাৰৰ নিছেই কাষতে অৰ্থাৎ বকোস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ কালিয়াবড়ী গাঁও আৰু বকোৰ বৰপাৰাস্থিত মডেল ইংলিছ স্কুললৈ যোৱা পথ দুটা অতি শোচনীয়। দীৰ্ঘদিন ধৰি মেৰামতি অথবা আধুনিকীকৰণ নকৰাৰ ফলত পথ দুটাৰে মানুহৰ যাতায়াত সম্ভৱ নোহোৱা হৈছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। যাৰ ফলত পথ দুটাৰে মটৰ চাইকেল অথবা দুচকীয়া চাইকেল চলাই যাব নোৱাৰে। ইফালে শুকান বতৰত খোজ কাঢ়ি গলেই ওখৰা মখৰা পথত মানুহে উজুতি খাই আৰু বাৰিষা কালত গাত বোৰত পানী জমা হৈ পিচল হয়। এই জটিল সমস্যা সমুহ আবেদন আকাৰে লিখি কেৱাবাৰো ৰাজ্যৰ সাংসদ – মন্ত্ৰী – বিধায়ক – এই অঞ্চলত চলি থকা সমান্তৰাল চৰকাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ ; আই টি ডি পিৰ অধ্যক্ষ ; উন্নয়ণখণ্ডৰ বিষয় – পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বহু বাৰ জনোৱা হৈছে।

লগতে ফটো-ভিডিঅ কৰি বহু বাৰ বাতৰিতো প্ৰচাৰিত হৈছে। তৎসত্ত্বেও আজিলৈকে এচপৰাও মাটি নপৰিল পথ দুটাত।  উল্লেখ্য যে ; এই অঞ্চলৰ ৰাইজে ৰাস্তা বিচাৰি বহু আবেদন নিবেদন কৰিছে কিন্তু ৰাস্তা বনোৱা নাই। ইফালে কোনেও আবেদন নিবেদন নকৰাকৈয়ে মাইক্ৰোফাইনেঞ্চৰ ঋণ ৰেহাই কৰিছে। কোনেও আবেদন নিবেদন নকৰাকৈয়ে ঋণৰ বাবে মহিলাক হাজাৰ হাজাৰ টকাৰ চেক বিতৰণ কৰি আহিছে। কোনেও আবেদন নিবেদন নকৰাকৈয়ে স্কুটি ; বুলেট ; লেপটপ আৰু অন্যান্য সা – সামগ্ৰী যোগান ধৰিছে। যত ৰাস্তাই নাই স্কুটি বুলেট ক’ত চলাব। আনহাতে বকোৰ কালিয়াবড়ী গাঁৱৰ মাজেদি যোৱা পথটো যোৱা নিশা হোৱা প্ৰচণ্ড শিল ধুমুহা বৰষুণত বিধ্বস্ত হৈ পৰিছে। পথৰ মাজত থকা গাঁতত পানী জমা হৈ পিচল হৈ পৰিছে আৰু আজি মানুহে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে। এই ক্ষেত্ৰত গাঁৱৰ সচেতন সমাজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like