নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত গাঁও প্ৰধান নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৫ মার্চ:  ৰূপহীহাটত সদ্য ঘোষিত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। নগাঁও জিলাৰ ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ খাটোৱাল গাঁৱৰ গাওঁ প্ৰধান নিযুক্তিৰ নামত চৰকাৰী নীতি নিয়মক উলংঘা কৰি গাওঁ প্ৰধান নিযুক্তিৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰাইজে বিভাগীয় বিষয়া সকলৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। চৰকাৰী নিয়ম মতে তিনি সন্তানৰ পিতৃয়ে আবেদন কৰিব নোৱাৰিব বুলি উল্লেখ থকাৰ পিছতো তিনি সন্তানৰ পিতৃ মফিদুল ইছলামে নিযুক্তি লাভ কৰাত ৰহস্যৰ সৃষ্টি হৈছে। নৱ নিৰ্বাচিত গাওঁ প্ৰধান মফিদুল ইছলাম তিনি সন্তানৰ পিতৃ হোৱাৰ উপৰিও বাল্য বিবাহৰ লগতো জড়িত থকাৰ অভিযোগ ৰাইজৰ। সমগ্ৰ বিষয়টো নগাঁও জিলাৰ জিলা উপায়ুক্ত আৰু বিভাগীয় বিষয়া সকলক পুনৰ বিবেচনা কৰি অৰ্হতা আৰু যোগ্যতাৰ ভিত্তি কৰি গাওঁ প্ৰধান নিযুক্তি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

জহিৰুল ইছলাম/ৰূপহীহাট

You might also like