নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ পশ্চিমবংগত ৩ দিনত ৪ প্ৰাৰ্থী তথা বিধায়কৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ এতিয়া চাৰিওফালে ক’ৰোনাৰ আতংক। কলকাতাৰ বিধানসভা নিৰ্বাচনৰ তুমুল প্ৰচাৰৰ মাজতে ক’ৰোনাৰ সংক্ৰমণো ক্ৰমশঃ বৃদ্ধি পাইছে ৰাজ্যখনত। ক’ৰোনাৰ এই আক্ৰমণত যোৱা তিনি দিনত ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে ৪গৰাকীকৈ ৰাজনৈতিক ব্যক্তি তথা প্ৰাৰ্থী-বিধায়কে।

চিপিএমৰ পূব মেদিনীপুৰৰ জিলাৰ সম্পাদক মণ্ডলীৰ সদস্য আৰু ইউনাইটেড ফ্ৰণ্টৰ আহ্বায়ক নিৰ্মল জানাৰ কালি ক’ৰোনাত মৃত্যু হয়। নিৰ্মল জানা কিছুদিন ধৰি মৃদু কাহ আৰু জ্বৰত ভুগি আছিল। কালি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। কালিৰ দিনটোতেই তৃণমূল কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহমানৰো মৃত্যু হয় ক’ৰোনাত। তেওঁৰ বয়স আছিল ৬২ বছৰ। দক্ষিণ কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

আনহাতে, মুৰ্শিদাবাদৰ জংগীপুৰৰ আৰ এছ পিৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ প্ৰদীপ নন্দীৰ যোৱা শুকুৰবাৰে ক’ৰোনাত মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থী ৰেজাউল হক ওৰফে মণ্টু বিশ্বাসৰ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ৰোনাত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫০ বছৰ। তেওঁ মুৰ্ছিদাবাদৰ চামশ্বেৰগঞ্জ বিধানসভা আসনত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল।

You might also like