নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অসম চাৰু আৰু কাৰু শিল্প কলা কেন্দ্র”ত বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণা, বঁটা বিতৰণী সভা

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ উত্তৰ গুৱাহাটীত শিল্পকলাৰ চৰ্চাৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে “অসম চাৰু আৰু কাৰু শিল্প কলা কেন্দ্র”ই। অসমৰ প্ৰসিদ্ধ শিল্পী প্ৰয়াত হেমাঙ্গিনী বৰদলৈ উদ্যোগত স্হাপিত বিদ্যালয়খনে ইতিমধ্যে কেইবাজনো খ্যাতনামা শিল্পী সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আজি ১৮ এপ্ৰিল ৰবিবাৰে উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্হিত হেমাঙ্গিনী বৰদলৈ স্মৃতি ভৱণত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ দ্বাৰা পৰিচালিত “অসম চাৰু আৰু কাৰু শিল্প কলা কেন্দ্র” ত বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণা তথা বটাবিতৰণি সভা অনুষ্ঠিত কৰা হয়। সভাত কভিড নীতি নিয়ম মানি ছাত্র-ছাত্ৰী,শিক্ষাগুৰু সকলৰ লগতে অভিভাবক সকল উপস্থিত থাকে।সভাপতি তিলক ডেকা আৰু সম্পাদক জীবেন্দ্ৰ শৰ্মাই ছাত্র-ছাত্ৰী সকলক শিল্প শিক্ষাৰ প্রতি আগ্রহী কৰাৰ উদ্দেশ্যে এক পৰামৰ্শ আগবঢ়ায়, লগতে অভিভাবক সকলক স্কুল পৰিচালনাত সহযোগ কৰিবলৈ কয়।

পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্র-ছাত্ৰী সকলৰ মাজত গ্ৰুপ C ৰ প্ৰথম:- তাপসী গোস্বামী, গ্ৰুপ B ৰ প্ৰথম:- যুৱৰাজ গোস্বামী আৰু গ্ৰুপ A ৰ প্ৰথম সম্ভৱী নাথ।ছাত্ৰ -ছাত্ৰী সকলক প্ৰমাণ পত্ৰৰ লগতে ৰথীন্দ্ৰ শৰ্মাই আদিত্য বিৰ্লা হেলথ্ ইন্সুৰেন্সৰ ফালৰ পৰা পুৰস্কাৰ তিনিটা আগবঢ়ায়। মুকুটেস্বৰ গোস্বামীয়ে পৰিচালনা সমিতিৰহৈ শলাগৰ শৰাই আগবঢ়ায়।তেওঁ অসম চাৰু আৰু কলা শিল্প কেন্দ্ৰ স্থাপন ক্ষেত্ৰত উদ্যোগ লোৱা উত্তৰ গুৱাহাটী বিশিষ্ট শিল্পী, শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিকসকলৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ কথা সোঁৱৰাই দিয়ে। লগতে কেন্দ্ৰ ১৯৮৩ চনৰ পৰা আজি নিৰবিচ্ছিন্ন ভাবে চলোৱাত আগভাগ লোৱা প্ৰতি গৰকী ব্যক্তিৰে সেৱা মনোভাৱক শলাগ লয়।

You might also like