নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ৮.৮ কোটি শিশুৱে পাব শিক্ষা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ব্রিটেইনৰ ৰাজধানী লণ্ডনত অনুষ্ঠিত হৈছে বিশ্বৰ দুখীয়া দেশসমূূহৰ ৮ কোটি ৮০ লাখ শিশুক বিদ্যালয়লৈ প্রেৰণৰ বাবে ৫০০ কোটি ডলাৰ পুঁজি সংগ্রহৰ উদ্দেশ্যেৰে গোলকীয় শিক্ষা সন্মিলন৷ উল্লেখনীয় যে ‘শিক্ষাৰ বাবে গোলকীয় সহযোগিতা’ (জিপিই) আঁচনিলৈ ইতিমধ্যে ব্রিটেইনে ৪৩০ নিযুত পাউণ্ড ধন আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ ৯২খন দুখীয়া দেশৰ শিক্ষার্থীসকলৰ বাবে ব্রিটেইন আৰু অন্যান্য ৰাষ্ট্রই বৃহৎ পুঁজি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷

উল্লেখনীয় যে মহামাৰীৰ বাবে বিশ্বৰ বহু দেশৰ শিক্ষা ব্যৱস্থা বিধ্বস্ত হৈছে৷ দুখীয়া দেশসমূহত ইয়াৰ প্রভাৱ অতি ভয়াৱহ৷ গোলকীয় এই শিক্ষা সন্মিলনৰ উদ্যোক্তা হৈছে ব্রিটেইন আৰু কেনিয়া৷ এই সন্মিলনে আগন্তুক ৫ বছৰত ১৭ কোটি ৫০ লাখ শিশুক শিক্ষা ক্ষেত্রত সহায় কৰাৰ বাবে সিদ্ধান্ত লৈছে৷ সন্মিলনত অংশগ্রহণ কৰি ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে উল্লেখ কৰিছে যে মহামাৰীৰ পূর্বৰে পৰা বিশ্বৰ বহু শিশুৱে বিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰা নাই৷বিশেষকৈ কন্যা শিশুসকল অধিক বঞ্চিত হ’বলগীয়া হৈছে৷ গতিকে গোলকীয় শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্রতিখন দেশৰ কর্তব্য৷

প্রধানমন্ত্রী বৰিছ জনছনে এই মন্তব্য কৰিছে যদিও নেতাগৰাকী দেশৰ সাংসদসকলৰ সমালোচনাৰ সন্মুখীন হৈছে৷ প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰে যে ক’ভিড মহামাৰীৰ সময়ত শিক্ষা ব্যৱস্থাৰ ওপৰত ভয়ংকৰ আঘাত আহি পৰিছে৷ দুখীয়া দেশসমূহে শিক্ষাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ গতিকে আন্তর্জাতিক সম্প্রদায়ে এইক্ষেত্রত মুক্তহস্তে দান কৰা উচিত বুলি উল্লেখ কৰিছে জনছনে৷ জিপিইৰ উদ্দেশ্য হৈছে দুখীয়া দেশসমূহৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন ঘটোৱা৷ ইয়াৰ উপৰি শিশুসকলৰ স্বাস্থ্য আৰু সমৃদ্ধিত গুৰুত্ব দিয়াটোও এই আঁচনিৰ মূল লক্ষ্য৷ কেনিয়াৰ কেবিনেট সচিব ৰাইচেল ওমামোৱে উল্লেখ কৰিছে যে মহামাৰীয়ে বহু ব্যাঘাত জন্মাইছে৷ কিন্তু শিক্ষাই আনি দিব পাৰে অগ্রগতি৷ নাৰী শিক্ষাৰ ওপৰত এই সন্মিলনে অধিক গুৰুত্ব আৰোপ কৰিব বুলি ঘোষণা কৰিছে৷

You might also like