নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেডমিণ্টনৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ পি ভি সিন্ধুৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ  ক’ৰোনাৰ আতংকৰ মাজতে জাপানৰ ৰাজধানী টকিঅ’ত চলি থকা অলিম্পিকত জয়যাত্রা অব্যাহত আছে ভাৰতৰ পদকপ্রত্যাশী তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৰ৷ ৰি’ অলিম্পিকৰ ৰূপৰ পদক জয়ী সিন্ধুৱে টকিঅ’ অলিম্পিকৰ বেডমিণ্টন ইভেণ্টৰ মহিলা শাখাৰ ছিংগলছৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷

আজি অনুষ্ঠিত প্রি–কোৱার্টাৰ ফাইনেল মেচখনত ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীয়ে ডেনমার্কৰ মিয়া ব্লিচফেল্ডক পৰাস্ত কৰি অন্তিম আঠলৈ উন্নীত হয়৷ বিশ্বৰ সপ্তম বাছনিপ্রাপ্ত ২৬ বছৰীয়া পি ভি সিন্ধৱে মাত্র ৪১ মিনিটতে ত্রয়োদশ বাছনিৰ ডেনমার্কৰ খেলুৱৈগৰাকীক ২১–১৫, ২১–১৩ গেমত পৰাস্ত কৰি ক্রমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰে৷

মন কৰিবলগীয়া যে ডেনমার্কৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে বিশ্ব চেম্পিয়ন সিন্ধুৰ এয়া আছিল পঞ্চম জয়৷ কাইলৈ হ’বলগীয়া কোৱার্টাৰ ফাইনেল মেচখনত সিন্ধুৱে চতুর্থ বাছনিপ্রাপ্ত জাপানৰ আকানে য়ামাগুচিৰে কঠিন প্রতিদ্বন্দ্বিতাৰ মুখামুখি হ’ব৷ য়ামাগুচিয়ে আন এখন প্রি–কোৱার্টাৰৰ পঞ্চদশ বাছনিৰ কেৰিয়াৰ কিম জাউনক ২১–১৭, ২১–১৮ গেমত পৰাস্ত কৰে৷

উল্লেখ্য যে সিন্ধুই যদি কোৱার্টাৰ জয় আৰু ছেমিফাইনেলত পৰাস্ত হয়, তেতিয়াহ’লে ব্রঞ্জৰ পদক যুঁজৰ মেচত অৱতীর্ণ হ’ব ভাৰতীয় শ্বাটলাৰগৰাকী৷

You might also like